যুৱৰাজৰ নিদ্ৰা হৰণ কৰা গাংগুলীৰ সেই বিশেষ ধেমালিটো

 গুৱাহাটী, ২৯ এপ্ৰিলঃ টীম ইণ্ডিয়াৰ দুৰ্দান্ত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে প্ৰকাশ কৰি কৈছে যে, "২০০০ চনৰ আইচিচি নকআউট টুৰ্ণামেণ্টত খেলৰ আগদিনা সেই সময়ৰ অধিনায়ক সৌৰভ গাংগুলীয়ে ৰাতি কৰা এটা ধেমালিত মই ইমানে ভীতিগ্ৰস্ত হৈ পৰিলোঁ যে তেওঁ গোটেই ৰাতি মই টোপনি যাব নোৱাৰিলোঁ। 

গ্লেন মেকগ্ৰা আৰু ব্ৰেটলীৰ দৰে অষ্ট্ৰেলিয়াৰ আক্ৰমণত এজন যুৱ খেলুৱৈ, ১৮ বছৰীয়া যুৱৰাজে আধিপত্য বিস্তাৰ কৰে আৰু ৮০ টা বলত ৮৪ ৰাণৰ সুন্দৰ বেটিং কৰি টীম ইণ্ডিয়াক ২৬৫/৯ স্কৰত উপনীত কৰায়।

২০০০ চনৰ ৭ অক্টোবৰত নাইৰ'বিত হোৱা আইচিচি নকআউট কোৱাৰ্টাৰত টীম ইণ্ডিয়া বিজয়ী হয় আৰু অষ্ট্ৰেলিয়াৰ কেংগাৰুবাহিনী ২৪৫ ৰাণত অল আউট হয়। 

ইপিনে, খেলৰ আগদিনা ৰাতি গাংগুলীয়ে যুৱৰাজক ধেমালি কৰি সোধে, "তুমি অহাকালিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ মেচখনত অপেনিং কৰিবা নেকি!" তেতিয়া, যুৱৰাজে অধিনায়ক গাংগুলীক কয়, "যদি আপুনি মোক অপেনাৰ হিচাপে খেলাব বিচাৰে, মই খেলিম।" কিন্তু সেই গোটেই নিশা যুৱাৰজে টোপনি যাব নোৱাৰিলোঁ বুলি এক বিশেষ সাক্ষাৎকাৰ যোগে কয়।"

ইপিনে, পিছদিনাৰ খেলখনৰ কথা মনত পেলাই যুৱৰাজে কয়, "সেইদিনা পুৱা অধিনায়ক গাংগুলীয়ে নিজেই ইনিংছ আৰম্ভ কৰে। মই ৫ নম্বৰত বেটিং কৰিব যোৱাৰ বাবে অতি শংকিত হৈ আছিলোঁ।

কিন্তু যেতিয়া মই বেটিং কৰিবলৈ যাওঁ, তেতিয়া কেৱল বলৰ ওপৰত মনোযোগ দিবলৈ ধৰিলোঁ।"

যদি মই আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অপেনাৰ হিচাপে ৩৭ ৰাণও যদি সংগ্ৰহ কৰিলোহেঁতেন, তেন্তে মই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বাবে মই বহুত সুখী হ'লোহেঁতেন।"

"কিন্তু, সৌভাগ্যক্ৰমে, মই ৮৪ ৰাণ কৰিলোঁ, মই নাজানো কেনেকৈ এয়া হ'ল। মই মাত্ৰ বলটো চাই, বেটেৰে মাৰিছিলোঁ। অষ্ট্ৰেলিয়াক পৰাস্ত কৰা আৰু মেন অফ দ্য মেচ বঁটা লাভ কৰাটো মোৰ বাবে এটা ডাঙৰ মুহূৰ্ত আছিল।"

Post a Comment

Previous Post Next Post