বিশ্বনাথ : কৰণ শইকীয়া :
ঐতিহ্য পৰম্পৰা অনুসৰি এইবেলিও বিশ্বনাথত আয়োজন কৰা হৈছে গোসাই ফুৰুৱা উৎসৱ ৷
আহোম ৰজাৰ দিনৰ পৰাই চলি অহা অসমৰ এক প্ৰাচীন আৰু অতি আকৰ্ষণীয় উৎসৱ৷ বিশ্বনাথত গোসাঁই ফুৰিবলৈ ওলালে তেওঁৰ ডোলাৰ ওপৰত সাতখন আৰোঁৱান লোৱাৰ নিয়ম ৷ গোসাঁই লৈ ফুৰোৱা কেইজন আৰু আৰোঁৱান দিয়াকেইজনে আগদিনাৰ পৰাই উপবাসে থাকে ৷
গোসঁাইক সজাই পৰাই ডোলাত বহুৱাই আৰোঁৱান ধৰি গায়ন ৱায়ন,ঢুলীয়া খুলীয়া ,ঢাক ঢোলৰে দবা কাঁহ বজাই গোসাঁইক ৰজনাৰজনাই ৰজাদিনীয়া ভীৰগাওঁৰ কাঁইঢাপ বাকৰিৰ অন্নপূৰ্ণা মন্দিৰৰলৈ ফুৰাবলৈ নিয়া হয়৷ এই অঞ্চলৰ ৰাইজে গোসাঁক আদৰি নি পূজা কৰে৷গাৱঁৰ মাজেৰে গোসাঁইৰ নিওঁতে প্ৰত্যেক ঘৰৰ পদূলিত ৰখাই ভক্তসকলে আশীৰ্বাদ লয়৷ অন্নপূর্ণা মন্দিৰৰ প্রাঙ্গণত গোঁসাই বিহুৰ সংগতি ৰাখি গোঁসাই মেলা অায়োজন করা হৈছে।
বহু দুৰ দুৰণিৰ পৰা ভক্ত ৰাইজৰ সমাগমৰে আৰু দোকান পোহাৰ দি এখন ডাঙৰ মেলা বহে ৷ নিশা গোসাঁই উভতি আহোঁতে বিশ্বনাথঘাটৰ সকলোৱে মিলি গোসাঁইক পূজা কৰে আৰু বিহু মাৰে৷ ওৰেটো নিশা বিহু মাৰি পৰম্পৰাগত বিধিৰে গোসাঁইক পুনৰ মন্দিৰত স্থাপন কৰা হয়৷.