বৰপেটাত ধুমুহা -শিলাবৃষ্টিৰ ফলত বৃহৎ ক্ষতি চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত ।

১৬ এপ্ৰিল: বৰপেটা  প্ৰদীপ কুমাৰ সৰকাৰ 


বৰপেটা জিলাৰ  চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত 24 নং দক্ষিণ গুদুনী চৰৰ লগতে সমগ্র চৰাঞ্চলত যোৱা ৰাতি হৈ যোৱা প্ৰবল বৃষ্টিপাতৰ ফলত।বৃহৎ ক্ষতি সাধন ।

বামুনতাৰি , দমদমা , বান্দালি , যাত্রাডিয়া  আদি অঞ্চল সমুহত বৃহৎ ক্ষতি হৈছে যদিও বাতৰি যুগুত কৰা লৈকে কোনো খবৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ ।

এই অঞ্চলত  ক্ষতি সাধন হোৱাৰ লগতে কেইবাখন ও স্কুল ধুমুহা বৃষ্টিপাতৰ ফলত জাহ গল । 

এই অঞ্চলত এল পি স্কুল , এম ই মাদ্ৰাছা আদি বতাহে উৰুৱাই লৈ গল । 

ৰুদ্ৰৰূপী  বৰদৈচিলাই চৰকাৰী -বেচৰকাৰী অনুষ্ঠান বৃহৎ ক্ষতি সাধন কৰিছে । 

গছ গছনি ঘৰৰ ওপৰত পৰাত মানুহৰ লগতে সা -সামগ্ৰীৰো ক্ষতি হৈছে । 

শৰীৰৰ বিভিন্ন অংগত শিলাবৃষ্টি পৰাত সংঘটিত হয় দুৰ্ঘটনা , তিন পাত উৰি গৈ বহুত মানুহৰ শৰীৰত কাটি গৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।। 


লগতে 24 নং দক্ষিণ গুদুনী গাঁও পঞ্চায়তৰ সভাপতি আবু বক্কাৰ ছিদ্দিকে এই অঞ্চলত ক্ষতি সাধন হোৱা প্ৰত্যেকৰে ঘৰে ঘৰে গৈ খা খবৰ লৈছে , আৰু তেওঁ চেঙা সমষ্টিৰ বিধায়ক আশ্রাফুল হুছেইন আৰু বৰপেটা জিলাৰ উপায়ুক্তক  কাতৰ ভাৱে আহ্বান জনোৱাৰ লগতে অঞ্চলটোত ক্ষতি সাধন হোৱা সাধাৰণ মানুহখিনিক বিহিত  ব্যবস্থা কৰাৰ বাবে কাতৰ আহ্বান জনাই সভাপতি আবু বক্কাৰ চিদ্দিকে ।

Post a Comment

Previous Post Next Post