নিশা প্ৰায় ৮ বজাত আছিল। সোনিয়ে ৰেলখনৰ সাধাৰণ কম্পাৰ্টমেণ্টত যাত্ৰা কৰিছিল। লগত আছিল স্বামী। প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ কোনেও লগে লগে টিচি বা ৰেল আৰক্ষীক জনোৱা নাছিল! কিছু সময়ৰ পিছত, ৰে'ল কৰ্তৃপক্ষই ঘটনাৰ বিষয়ে জানিব পাৰি সোনিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে উদ্যোগ লয়।
নিশা প্ৰায় ৯.৩০ বজাত, ৰেলখন মেদিনীপুৰ ষ্টেচনত ৰখাই দিয়া হৈছিল আৰু ৰে'লৱেৰ ফালৰ পৰাই চিকিৎসক, এম্বুলেন্স আদি মতা হৈছিল। মেদিনীপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবেও উদ্যোগ লোৱা হৈছিল। কিন্তু সেইসময়তে পৰিয়ালটোৱে সমস্তিপুৰ পোৱাৰ পূৰ্বে ৰেলৰ পৰা নমাই নিদিবলৈ ৰেল কৰ্তৃপক্ষক অনুৰোধ জনায়।
ভয় বা আতংকিত হৈ পৰিয়ালটোৰ কোনো সদস্যই কোৱা নাছিল যে, তেওঁলোকৰ হাতত টকা-পইচা নাই! মেদিনীপুৰ ষ্টেচনত প্ৰায় ডেৰ ঘণ্টা এক শ্বাসৰুদ্ধকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত, ৰেল কৰ্তৃপক্ষই পৰিয়ালটোক সৈমান কৰে আৰু মাক আৰু নৱজাতকক নিশা প্ৰায় ১১ বজাত মেদিনীপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান দুয়ো সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।