সমগ্ৰ বিশ্বতেই অসম তথা অসমীয়া নাৰীৰ ইতিহাস,বীৰত্বৰ কথা জনাজাত ৷
ৰামায়ণ,মহাভাৰতৰ দিনৰে পৰা বৰ্তমানলৈকে অনেক মহীয়সী নাৰী অসমত জন্মলাভ কৰিছে ৷ নিজ দেশৰ , মাতৃভূমিৰ বাবে অনেক কল্যাণৰ কাম কৰি বিশ্ব ইতিহাসত নিজৰ নাম ৰাখি গৈছে ৷
তেনে এক মহীয়সী বীৰাংগনা নাৰী হ’ল-সতী সাধনী ৷ আজি সতী সাধনী দিৱস ৷
অষ্টম জন চুতীয়া ৰজা ধীৰনাৰায়ণৰ সন্তান আছিল সাধনী ৷ প্ৰথম অৱস্থাত ৰজা ধীৰনাৰায়ণৰ কোনো সন্তান নাছিল
বহু সাধনাৰ পিছত হে ৰজা ধীৰনাৰায়ণে সন্তানৰ মুখ দেখাত সেই সন্তানটিৰ নাম সাধনী ৰাখিছিল ৷ সাধনীৰ জন্মৰ পিছত এটি পুত্ৰ সন্তান হৈছিল ৰজা ধীৰনাৰায়ণৰ আৰু সেই সন্তানটিৰ নাম ৰাখিছিল সাধক নাৰায়ণ ৷
ৰাজকুলৰ সকলো নীতি আদৰ্শৰ অনুসৰি ৰজাই সকলো শিক্ষাৰে শিক্ষিত কৰি তুলিছিল কন্যা সাধনীক ৷ ৰূপে গুণে সকলো ফালে দেখনিয়াৰ সাধনীৰ বাবে ৰজা ধৰ্মনাৰায়ণে ‘বৰ ‘ বিচাৰিবলৈ ধৰিলে ৷
কিন্তু মন পচন্দৰ উপযুক্ত বৰ ক’তো বিচাৰি নেপায় এদিন চিন্তিত মনে ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেকেৰ্টুৱা বগাই ফুৰা দেখিলে । ৰজাই লগে লগে থিৰাং কৰিলে – যিয়ে একেপাট কাঁড়তে কেৰ্কেটুৱাটো বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব ৷
এদিন সয়ম্বৰ দিন ঘোষণা কৰিলে ৷ বহুতে বহু চেষ্টা কৰিও কেৰ্কেটুৱাটো বিদ্ধ কৰিব পৰা নাছিল কিন্তু নিতাই নামৰ সাধাৰন ঘৰৰ এটা দুখীয়া চুতীয়া ল’ৰাই একেপাট কাঁড়তে কেৰ্কেটুৱাটো বিদ্ধ কৰিলে ৷
চৰ্ত অনুসৰি সাধনীক নিতাইলৈ বিয়া দিলে ৷ ৰাজসিংহাসন গ্ৰহণ কৰি নিতায়ে নীতিপাল নামৰে জনপ্ৰিয় হয় ৷
নীতিপাল আছিল সাধাৰণ ঘৰৰ এটা ল’ৰা যাৰ ৰাজকাৰ্যৰ প্ৰতি কোনো আগ্ৰহ নথকা একো ভূ-ভা নোলোৱা ৷ নীতিপালৰ এই দুৰ্বলতাৰে সুযোগ লৈ আহোম ৰজা চুহুংমুং দিহিঙীয়াই চুতীয়া ৰাজ্য আক্ৰমণ কৰে ৷
১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগৰ তাৰিখে আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰাণী সাধনী আৰু ৰজা নীতিপালে সৈন্য সামন্ত সহ পিছ হুহুঁকি চন্দনগিৰি পৰ্বতত আশ্ৰয় লয় ৷
আহোম ৰজাই তাতো আক্ৰমণ কৰিবলৈ যায় যদিও ৰাণী সাধনী আৰু তেওঁৰ সহযোদ্ধা নাৰী সৈন্যই ধনু,কাঁড়,যাঠি লৈ যুদ্ধত নামি পৰে ৷
তেওঁলোকে অনেক আহোম সৈন্যক বধ কৰে ৷ বলেৰে নোৱাৰি চলেৰে আহোম সৈন্যই ৰজা নীতিপালক হত্যা কৰে ৷
সাধনীক কুবেৰ প্ৰদত্ত সম্পত্তি ঢাল,তৰোৱাল আৰু সোণৰ মেকুৰী সহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহব্বান জনায় ৷ লগতে ৰাজৰাণী ও পতা হ’ব বুলি ক’লে ৷
দেশ আৰু স্বজাতিক ভালপোৱা ৰাণী সাধনীয়ে সকলো সুখ সম্ভোগ বিসৰ্জন দি ৰাজ সম্পদ লগত লৈ গভীৰ কুণ্ডত জঁপিয়াই আত্মজাহ কৰে ৷
সতী সাধনীৰ প্ৰেম,বীৰত্ব ,ত্যাগ সকলো অসমীয়াৰ বাবে গৌৰৱ,অহংকাৰ আৰু অনুপ্ৰেৰণাৰ প্ৰতীক ৷