বজাৰত লাগিছে জুই বিজেপি চৰকাৰ আছে শুই । বুধবাৰে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ,তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ সমীপত খাদ্য সামগ্ৰী ইন্ধনজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱহায্য সামগ্ৰীৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মুল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত এক বিক্ষোভ কায্যসূচী ৰূপায়ন কৰা হয়। উল্লেখেযোগ্য ইন্ধনজাত সামগ্ৰীকে ধৰি খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী তথা ইন্ধনজাত সামগ্ৰী,পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত তথা মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷আঞ্চলিক ছাত্ৰ সন্থা ভাঃ সভাপতি সূৰজ ছেত্ৰী আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ নেতৃত্বত ৰূপায়িত হোৱা বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে যোগান বিভাগ সম্পূৰ্ণ ব্যৰ্থ বুলি অভিহিত কৰাৰ লগতে ৰাজনৈতিক মুনাফা আদায়ৰ অৰ্থে হিতাধিকাৰী সৃষ্টিৰ বাবে গ্ৰহণ কৰা অদূৰদৰ্শী নীতিৰ বাবেই মূল্য বৃদ্ধিয়ে চৰম ৰূপ ধাৰণ কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে৷শীঘ্ৰেই মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰিলে আৰু অধিক গণতান্ত্ৰিক প্ৰতিবাদৰ সন্মুখীন হ’ব বুলিও সঁকিয়াই দিয়ে৷
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট