গুৱাহাটী,৭ এপ্ৰিল:সকলোৱে বি-টাউনৰ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়াৰ বাবে প্ৰত্যেকেই অপেক্ষা কৰি আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দম্পতীহালে এতিয়া এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। বিয়াখন পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত অনুষ্ঠিত হ’ব।
আৰ.টি.এছ.-ৰ মতে, বলীউডৰ বহু প্ৰত্যাশিত এই বিবাহখন এপ্ৰিলৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব! এই খলকনিৰ মাজতেই, ছ’চিয়েল মিডিয়াত এখন বিবাহৰ কাৰ্ড ভাইৰেল হৈ আছে যিখন ঋষি কাপুৰ আৰু নীতু কাপুৰৰ বিবাহৰ কাৰ্ড বুলি কোৱা হৈছে।
ভাইৰেল হোৱা কাৰ্ডখনৰ মতে, ঋষি আৰু নীতুৰ ৪২ বছৰ আগতে ১৯৮০ চনৰ ২৩ জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখন আৰ কে ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল। এতিয়া আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ কাৰ্ড কিমান বেলেগ হ’ব সেয়া অনাগত সময়তহে জানিব পৰা যাব।