আজিৰ দিনটোত কি লিখা আছে আপোনাৰ ভাগ্যত..চাওঁ আহক ৰাশিফল


 ১২ এপ্ৰিল, মঙলবাৰ,২০২২ 


১. মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যৱসায়িক দিশত ক্ষতি হোৱাৰ যোগ দেখা যায়। 

৩. মিথুন ৰাশি ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। 

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়। 

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, মনত সামান্য হতাশা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, অৰ্থৰ আগমন ঘটিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব । 

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি যাত্ৰা বা ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।

Post a Comment

Previous Post Next Post