গুৱাহাটী,৭ এপ্ৰিল:আকৌ আহিল অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু ৷ইতিমধ্যে ঢোল-পেঁপাৰ শব্দত ৰজনজনাইছে বিহুতলী বাকৰি । ঢুলীয়া - নাচনীৰ ঢোলৰ চেও,জাউৰীয়ে জাউৰীয়ে বিহুনামৰ আখৰাৰে মুখৰ হৈ পৰিছে সমগ্ৰ অসম।এনে এক ধামখুমীয়াতে মঞ্চত বিহু পৰিৱেশনৰ বাবে কঁকালত টঙালি বান্ধিছে শিল্পীসকলে।ৰাজ্যৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ দৰে এইবাৰ শিল্পীসকলে ধার্য কৰা বাজেটতো মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ ‘বেনাৰ' আৰ্টিষ্ট সকলে ধার্য কৰা বাজেটত আকাশলংঘী মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । যাৰফলত এই উদিগ্ন হৈ পৰিছে বিহু উদযাপন সমিতি সমূহ ৷
জুবিন গাৰ্গ — প্রায় ৮-১০ লাখ টকা ,
অংগৰাগ পাপন মহন্ত — প্রায় ৮-১০ লাখ টকা , নীলআকাশ— ৪-৫ লাখ টকা ,
কুসুম কৈলাশ- ৩-৩.৫০ লাখ টকা ,
আচুৰ্য বৰপাত্ৰগোহাঁই- ৩.৫০ ৪.৫০ লাখ টকা ,
ভৃগু কাশ্যপ — ৩.৫০-৪.৫০ লাখ টকা ,
মন্টুমণি শইকীয়া- ২.৫০-৩ লাখ টকা ,
বিপিন চাউদাং – ২-৩ লাখ টকা ,
ৰিদীপ ৰংকিত- ২-২.৫০ লাখ টকা ,
দীপলিনা ডেকা- ২.৫০-৩ লাখ টকা ,
প্ৰিয়ংকা ভৰালী- ২.৫০-৩ লাখ টকা ,
গীতালী দেৱী- ২-৩ লাখ টকা ,
সুবাসনা দত্ত- ২-৩ লাখ টকা ,
নাহিদ আফ্রিন- ২-২.৫০ লাখ টকা ।