আই আই টি কানপুৰৰ সফলতাঃ ভঙা হাড় গঠন কৰিব পৰা বিশেষ কৌশলগত বেজী আৱিষ্কাৰ

 

গুৱাহাটী, ৫ এপ্রিলঃ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত, প্ৰতিদিনে নতুন আৱিষ্কাৰ হৈ থাকে। এই সন্দৰ্ভত সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ নতুন গৱেষণা চলিয়ে থাকে। ঠিক তেনেদৰে আইআইটি কানপুৰে শেহতীয়াকৈ এক বৃহৎ সাফল্য অৰ্জন কৰিছে। 

জানিব পোৱা অনুসৰি, আই.আই.টি. কানপুৰৰ পৰীক্ষাগাৰত এনে কৌশল প্ৰস্তুত কৰা হৈছে, যাৰ জৰিয়তে ভঙা হাড়বোৰ পুনৰ গঠন কৰিব পৰা যাব। 


যদি কাৰোবাৰ দুৰ্ঘটনা হয় বা হাড়ৰ কৰ্কট ৰোগ বা হাড় ক্ষয় হোৱাৰ ফলত কোনোবাই হাড় সলনি কৰিব লগা হয়, তেনেহ'লে হাড় প্ৰতিস্থাপনৰ ফলত ৰোগীৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ আভ্যন্তৰীণ সংক্ৰমণ বিয়পাৰ আশংকা যথেষ্ট পৰিমাণে থাকে।

কিন্তু এতিয়া এনে নহ'ব। আই.আই.টি. বিজ্ঞানীসকলে এনে হাড় পুনৰ গঠন কৰাৰ এক প্ৰযুক্তি বিকশিত কৰিছে, যাৰ সহায়ত য'ত ভঙা হাড় থাকে নাইবা হাড়ৰ গঠন নহয়, সেই স্থানত বেজী দি হাড়ৰ পুনৰ গঠন কৰিব পাৰি।


এই প্ৰযুক্তিটো অধিকসংখ্যক ৰোগী আৰু চিকিৎসকে ব্যৱহাৰ কৰিব পাৰিব, ইয়াৰ বাবে আই আই টি আৰু অৰ্থো ৰেজিনিক্সৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। এই বুজাবুজি চুক্তিৰ অধীনত, অৰ্থো ৰেজিনিক্সে এই প্ৰযুক্তিৰ বাণিজ্যিক ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।

যদি প্ৰযুক্তিৰ কথা কোৱা হয়, তেনেহ'লে শৰীৰৰ যি অংশত হাড় ভাঙে বা আঁতৰ কৰা হৈছে, সেই প্ৰভাৱিত অংশত দুটা ৰাসায়নিক পদাৰ্থৰ পেষ্ট তৈয়াৰ কৰা হ'ব আৰু বেজীৰ জৰিয়তে শৰীৰৰ ভিতৰলৈ সোমোৱাই দিয়া হ'ব। এই চিৰামিক আধাৰিত মিশ্ৰণটোত জৈৱ-সক্ৰিয় অণু থাকে, যি হাড়ৰ পুনৰ গঠনত সহায় কৰে।


জৈৱ-বিজ্ঞান আৰু জৈৱ-অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক অশোক কুমাৰে, যিয়ে এই কৌশলটো প্ৰস্তুত কৰিছে, কয় যে, "এই প্ৰযুক্তিৰ দ্বাৰা কৃত্ৰিম হাড়ডাল প্ৰাকৃতিক যেন দেখা যাব। ভাৰতৰ দৃষ্টিকোণৰ পৰা ইয়াক স্বাস্থ্যৰ ক্ষেত্ৰত এক বিপ্লৱ বুলি ক'ব পাৰি। এই প্ৰক্ৰিয়াটো একেবাৰে সৰল। 


প্ৰক্ৰিয়াটোৰ বিষয়ে বৰ্ণনা কৰি অধ্যাপক কুমাৰে আৰু কয় যে, "ইয়াক পোনপটীয়াকৈ স্থাপন কৰাৰ পৰিৱৰ্তে, ইয়াক বেজী দিব পাৰি। ই সম্পূৰ্ণৰূপে জৈৱ-পচনশীল আৰু হাড়ৰ পুনৰ গঠনৰ বাবে অষ্টিওইণ্ডাক্টিভ আৰু অষ্টিওপ্ৰোম্পিটেড উপাদান থাকে।


অষ্টিওইণ্ডাক্টিভক হাড় নিৰাময়ৰ এক পদ্ধতি বুলিও কোৱা হয়। একে সময়তে, অষ্টিওপ্ৰোমেটেড নতুন হাড়ৰ বিকাশৰ বাবে এক উপাদান হিচাপে কাম কৰে। সংযোগ আৰু গাঁথনিগত বিশ্লেষণৰ ত্ৰুটি, অক্সিজেন আৰু ৰক্ত সঞ্চালনৰ সৈতে আপোচ নকৰাকৈ হাড়ৰ ডাঙৰ ত্ৰুটি পূৰণ কৰিবলৈ এই মিশ্ৰণ ব্যৱহাৰ কৰা হয়।


ইয়াক ভৱিষ্যতে হাড়ৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব। এই প্ৰযুক্তিয়ে চিকিৎসাৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিব বুলি আই আই টিৰ বিজ্ঞানীসকলে বিশ্বাস কৰে।



Post a Comment

Previous Post Next Post