শাৰীৰিক বাধা সফলতাত হেঙাৰ হ’ব নোৱাৰে৷ তাৰেই উদাহৰণ দাঙি ধৰিছে নগাঁৱৰ ফুলগুৰিৰ দিব্যাংগ লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱা৷ জটিল ৰোগত আক্ৰান্ত শৰ্মিষ্ঠা প্ৰীতম বৰুৱা৷ শৰ্মিষ্ঠাক চিকিৎসাৰ বাবে সকলোৰে সহায়ৰ প্ৰয়োজন৷ চিকিৎসাৰ সহায় বিচাৰি জনোৱা এখন আহ্বান জনোৱা এখন পত্ৰ ৰাজহুৱা কৰে৷ শৰ্মিষ্ঠা নগাঁৱৰ ফুলগুৰিৰ গৃহত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাই শৰ্মিষ্ঠা প্ৰীতমৰ স্বাস্থ্যৰ বুজ লয়৷ শৰ্মিষ্ঠাৰ চিকিৎসা প্ৰদানৰ বাবে সাহায্য কৰিব বুলি কয় কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাই৷ শৰ্মিষ্ঠাৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়-সহযোগ বিচাৰি প্ৰকাশ কৰা এখন প্ৰচাৰ পত্ৰখনো মুকলি কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মাই। জটিল ৰোগত আক্ৰান্ত হৈ বছৰ বছৰ ধৰি হুইল চেয়াৰত সময় পাৰ কৰিছে৷ স্নাতক শৰ্মিষ্ঠাৰ নিয়মিতভাৱে লেখা-মেলা কৰি গৈছে৷ কেইবাখনো গ্ৰন্থ পঢ়ুৱৈৰ মাজত সমাদৰ লাভ কৰিছে। হুইল চেয়াৰতে জীৱন অতিবাহিত কৰা শৰ্মিষ্ঠাই সুস্থ হৈ উঠিব বুলি আশাপুহি ৰাখিছে৷ শেহতীয়াকৈ শৰ্মিষ্ঠাৰ ৰোগৰ চিকিৎসা পদ্ধতি আৱিস্কাৰ হৈছে৷ তিনি বছৰ চিকিৎসা কৰিবলৈ প্ৰতি বছৰে ৭০ লাখ টকা দৰকাৰ হ’ব৷ তিনিবছৰত ২ কোটি ১০ লাখ টকা ব্যয় হ’ব। পৰিয়ালে ইমান ধন খৰছ কৰিব নোৱাৰে৷ চৰকাৰৰ লগতে সামাজিক মাধ্যম যোগে ৰাইজৰ সহায় বিচাৰে শৰ্মিষ্ঠাই। ৰাইজে ২৫ লাখ টকা সাহায্য প্ৰদান কৰিছে৷ চৰকাৰৰ সাহায্য পালে শৰ্মিষ্ঠা সম্পূৰ্ণ সুস্থ হৈ উঠিব৷ তাৰ মাজতে স্বাস্থ্যমন্ত্ৰী শৰ্মিষ্ঠাৰ ঘৰত উপস্থিত হৈ সকলো প্ৰকাৰৰ সলহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷