নাৰায়ণপুৰত জলবন্দী এখন গাওঁ চ'তৰ প্ৰথমটো বানতেই বিধস্ত দ্ৰোৰপাং

 

চ'তৰ প্ৰথমটো বানতেই বিধস্ত দ্ৰোৰপাং -পিছলাপৰীয়া বিস্তৃৰ্ণ অঞ্চল । নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তগত তাতিবাঁহাৰ , লক্ষীপুৰ. পিছলাকে ধৰি এক সু-বিস্তৃৰ্ণ অঞ্চল দ্ৰোৰপাং আৰু পিছলা নদীৰ বানৰ কবলত পৰিছে । 


কেইবাদিনো ধৰি অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত অৰুণাচল পাহাৰৰ পৰা বৈ অহা দ্ৰোৰপাং নদী আৰু পিছলা নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চলটো ঘৰ-বাৰী , শাক-পাচলী  খেতি পথাৰৰ উপৰিও বহুটো ফিচাৰী,বইলাৰ ফ্ৰাম আদি অনিষ্ট সাধন কৰে । অসমীয়াৰ হেপাহৰ ৰঙালী বিহুটো অহাৰ আগমুহুত্বত চ'তৰ প্ৰথমটো বানতে বিধস্ত হোৱাত ৰাইজ যথেষ্ঠ বিপদৰ সন্মুখীন হৈছে । 

 স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দ্ৰোৰপাং -পিছলাৰ এই সংগম স্থানত দুয়োকাষে মথাউৰী ব্যৱস্থা কৰি নদী দুখন নিয়ন্ত্ৰণ নকৰিলে অঞ্চলটোৰ বানপানীৰ সমস্যা অধিক ভয়াবহ হৈ পৰিব । স্থানীয় ৰাইজে অঞ্চলটোৰ বান সমস্যা স্থায়ী সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই ।


###নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিৰ্পট ।

Post a Comment

Previous Post Next Post