সোণাৰিৰ নামতোলাত আলফা (স্বা)ত যোগদানৰ বাবে অহা এগৰাকী বিবাহিত মহিলাক আটক

 

সোণাৰি, ১০ এপ্ৰিলঃ পৰিয়াল এৰি নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ত যোগদান কৰিবলৈ অহা নগাঁওৰ বিবাহিত মহিলা এগৰাকীক আজি চৰাইদেউ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিব দিয়া অনুসৰি আজি পুৱা নগাঁও আৰক্ষীৰ পৰা লাভ কৰা এক তথ্যৰ ওপৰত ভিত্তি কৰি চৰাইদেউ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বাসুমতাৰিৰ নেতৃত্বত জিলাখৰ অসম নগালেণ্ডৰ সীমান্তত অৱস্থিত নামতোলাত অভিযান চলাই দুটি সন্তানৰ মাতৃ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে আটক কৰা যুৱতী গৰাকী হৈছে নগাৱঁৰ মালবিকা বৰা। আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি আজিৰ পৰা কিছু বছৰ পূৰ্বে মহিলা গৰাকী নগাঁৱৰ এজন মুছলমান যুৱকৰ সৈতে বিয়া হৈছিল। দীৰ্ঘদিন ধৰি ছচিয়েল মিডিয়াৰ যোগেদি আলফাৰ হৈ প্ৰচাৰ চলাই থকা মহিলা গৰাকীয়ে নিষিদ্ধ সংগঠনটোত যোগদান কৰাৰ উদ্দেশ্যে নগাঁৱৰ পৰা সোণাৰি নামতোলা হৈ নগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰিবলৈ লওঁতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

মহিলা গৰাকীৰ পৰা  কোনোধৰণৰ আপত্তিজনক নথি পত্ৰ উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীৰ প্ৰাথমিক জেৰাত তেওঁ আলফাত যোগদানৰ বাবে নগালেণ্ডৰ মন জিলা হৈ ম্যানমাৰত অৱস্থিত আলফা (স্বা)ৰ শিবিৰলৈ যোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা পলাই অহাৰ কথাটো স্বীকাৰ কৰিছে বুলি আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনাইছে।

মহিলা গৰাকীৰ জেৰা অব্যাহত ৰাখিছে চৰাইদেউ আৰক্ষীয়ে। 

Post a Comment

Previous Post Next Post