গুৱাহাটী, ১৩ এপ্রিলঃ ভাৰতৰ এক মুখ্য ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড (অইল) দুলীয়াজানৰ মুখ্য কাৰ্যালয় চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে। উক্ত বিষয় সন্দৰ্ভত এজন মুখপাত্ৰই কৈছে যে, "কোম্পানীটোৱে কাৰ্যালয়ত সকলো কম্পিউটাৰ আৰু আইটি প্ৰণালী বন্ধ কৰি দিছে।"
ইপিনে, অইলৰ মুখপাত্ৰ ত্ৰিদিভ হাজৰিকাই কয় যে, "সোমবাৰৰ পৰা প্ৰণালীসমূহ বন্ধ কৰি ৰখা হৈছে, লগতে সমস্যাটোৰ সমাধানৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে।
তেওঁ আৰু কয় যে, "সোমবাৰে ৩ টাৰ পৰা ৪ টা কম্পিউটাৰত চাইবাৰ আক্ৰমণ হোৱাৰ বিষয়ে আমি জ্ঞাত হোৱাৰ পিছতে, এল এ এন সংযোগৰ পৰা আমাৰ সকলো কম্পিউটাৰ চিষ্টেম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছো।"
"তথ্য প্ৰযুক্তি বিভাগে এতিয়াও ক্ষতিৰ পৰিমাণ জানিব পৰা নাই। অইলে সমস্যাটো সমাধান কৰাৰ বাবে কাম কৰি আছে। আগতেও অইল-এ এনে সমস্যাৰ সন্মুখীন হৈছে, কিন্তু এইবাৰ এইটো এটা ডাঙৰ তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংকট যেন লাগিছে যাক সমাধান কৰিবলৈ সময় লাগিব।"