ইউডিএফৰ কৰিমুদ্দিনক আইনী জাননী কংগ্ৰেছৰ, ১০০ কোটিৰ মানহানি গোচৰ তৰাৰ হুংকাৰ

 

ৰাজ্যসভাৰ নিৰ্বাচন ৩১ মাৰ্চত অনুষ্ঠিত হৈ গ’ল যদিও বিৰোধীৰ ঐক্যত লগা কেৰোণ আজিলৈ মৰিষণ নহ’ল৷ আজি বিৰোধী কংগ্ৰেছ আৰু ইউডিএফৰ মাজৰ সংঘাতে নতুন ৰূপ লৈছে৷ তাৰ মাজতে ইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাক আইনী জাননী দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ অধিবক্তা চেমিম আহমেদ বৰভূঞাই জাননী প্ৰেৰণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে দিয়া মন্তব্যৰ উত্তৰ বিচাৰিছে৷ বিৰোধী ইউডিএফৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞালৈ আইনী জাননী জাৰি কৰি কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ অভিযোগৰ উত্তৰ বিচাৰিছে৷ ৰাজ্যসভাৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে বিধায়ক কৰিমুদ্দিন বৰভূঞাই ১ এপ্ৰিলত বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ ৭-৮ গৰাকী বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিয়া বুলি বিস্ফোৰক অভিযোগ আনিছিল৷ অভিযোগৰ পিছতে কৰিমুদ্দিনৰ বিৰুদ্ধে সৰৱ হয় কংগ্ৰেছ। কৰিমুদ্দিনৰ অভিযোগৰ উত্তৰ দিবলৈ ৭ দিনৰ সময়সীমা দিয়া বান্ধি দিয়া হৈছে৷ উত্তৰ দিব নোৱাৰিলে আদালতত গোচৰ চলোৱাৰ লগতে ৰাজহুৱাকৈ ক্ষমা খোজাৰ আহ্বান জনাই৷ নিৰ্ধাৰিত সময়ত কৰিমুদ্দিন বৰভূঞাই ক্ষমা নুখুজিলে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ফৌজদাৰী আৰু দেৱানী গোচৰ তৰিব বুলি জানিব পৰা গৈছে৷ ১০০ কোটিৰ মানহানি গোচৰ তৰাৰ হুংকাৰ দিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

Post a Comment

Previous Post Next Post