৫ দিনীয়া কাৰ্যসূচী লৈ গুৱাহাটীত লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷ কাইলৈ পুৱা ৯ বজাত কমনৱেলথ সংসদীয় সংস্থাৰ কাৰ্যনিৰ্বাহক মুকলি কৰিব বিৰলাই৷ তাৰ পিছতে ১১ বজাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিব৷ আবেলি ৪ বাতি ৩০ মিনিটত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠানত অংশ ল’ব৷ ১১ এপ্ৰিলত কমনৱেলথ সংসদীয় সংস্থাৰ ভাৰতীয় ক্ষেত্ৰৰ অষ্টম সন্মিলন মুকলি কৰিব৷ ১১ এপ্ৰিলত আন কেইবাটাও অনুষ্ঠানত অংশ গ্ৰহণ কৰিব৷ ১২ এপ্ৰিলৰ ১২ বাজি ৩০ মিনিটত কমনৱেলথ সংসদীয় সংস্থাৰ সন্মিলনত অংশ লৈ ১২ এপ্ৰিলৰ সন্ধিয়া ৬ বাজি ২০ মিনিটত দিল্লীলৈ উৰা মাৰিব৷ আজি গুৱাহাটী বিমানবন্দৰত ওম বিৰলাক আদৰণি জনাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ কমনৱেলথ সংসদীয় সংস্থাৰ (চিপিএ) সন্মিলত অংশ লোৱাৰ উদ্দেশ্যে ওম বিৰলাই গুৱাহাটীত উপস্থিত হয়৷ সমগ্ৰ কমনৱেলথত ১৭ হাজাৰ সাংসদ আৰু ১৮০ খন সংসদীয় পৰম্পৰাৰ দেশ জড়িত হৈ আছে৷ ইতিমধ্যে কমনৱেলথ সংসদীয় সংস্থাৰ ৰাজহুৱা একাউণ্টেণ্ট চমুকৈ CPAৰ বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি গুৱাহাটীত উপস্থিত হৈছে৷ গুৱাহাটীত অনুষ্ঠিত হৈ থকা কমনৱেল্থ এচ’ছিয়েচনৰ সভাত অংশ লবলৈ অহা কেইবাখনো দেশৰ প্ৰতিনিধিয়ে বিগত কেইবাটাও দিনত অসমৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছে৷