তিনিচুকীয়া, ২৭ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰৰ "কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি"শীৰ্ষক অভিযান তিনিচুকীয়া জিলাত পূৰ্ণ গতিত চলিছে। এই অভিযানৰ জৰিয়তে তিনিচুকীয়া জিলাৰ সকলো যোগ্য কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডৰ আওতালৈ আনিবৰ বাবে গ্ৰামীণ এলেকাত কৃষি বিভাগ আৰু চি এছ চি কৰ্তৃপক্ষই ব্যাপক সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰিছে। তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পৱাৰে জিলাখনৰ প্ৰতিগৰাকী যোগ্য কৃষকক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা লবৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।
কৃষকসকলক এই ক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠনসমূহৰ লগতে সংশ্লিষ্ট বিভাগসমূহেও যাৱতীয় সুবিধা আৰু সহায় আগবঢ়াব বুলি উপায়ুক্তই উল্লেখ কৰে। আনহাতে এই অভিযানৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ প্ৰতিখন গাওঁ পঞ্চায়তত যোৱা ২৪ এপ্ৰিলৰ পৰা ক্ৰমে বিশেষ গাঁওসভা আয়োজন কৰিছে। এইক্ষেত্ৰত তিনিচুকীয়া জিলাৰ কৃষি বিভাগৰ অতিৰিক্ত উপায়ুক্ত ছৰফ্ৰাজ হকে তদাৰক কৰিছে। বেংকৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাৰ প্ৰমুখ্য বেংক প্ৰৱন্ধক প্ৰলয় কুমাৰ ভৌমিক, নাৱাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক বৰুণ বিশ্বাসে তদাৰক কৰিছে। চি এছ চি সেৱা জিলা প্ৰবন্ধক অভিষেক ফুকনে তদাৰক কৰিছে।
উল্লেখযোগ্য যে, কাকপথাৰ উন্নয়ন খণ্ডৰ অধীনৰ ৰঙাজান গাঁও পঞ্চায়তত আজি এখন সজাগতা আৰু গাঁও সভা অনুষ্ঠিত হয়। সভাত কৃষি বিষয়া সত্যনাথ ভট্টাচাৰ্য, গাঁও পঞ্চায়ত সচিব ৰানা কোঁৱৰ, চি এছ চি ভি এল ই মাইনু মৰাণ, গাঁও পঞ্চায়ত সভানেত্ৰী লাবন্য মহন্ত আদি উপস্থিত থাকি কৃষক সকলক আঁচনি, সুবিধা সন্দৰ্ভত অৱগত কৰে।উল্লেখযোগ্য যে,যোৱা ২৪ এপ্ৰিলৰ পৰা ১ মে' পৰ্য্যন্ত সমগ্ৰ জিলাতে কেন্দ্ৰীয় চৰকাৰৰ "কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰি" শীৰ্ষক অভিযান অনুষ্ঠিত হৈছে।
এই অভিযানৰ মূল লক্ষ্য হিচাপে প্ৰধানমন্ত্ৰী কৃষি সন্মান যোজনা আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনৰ প্ৰতিগৰাকী কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা। ইয়াৰ উপৰিও চলিত আঁচনিৰ লগতে বিভিন্ন সামাজিক সুৰক্ষা আচঁনি যেনে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা,প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা,অটল পেন্সন যোজনা আদি আঁচনি অধীনত যাতে সকলো যোগ্য কৃষকক সাঙুৰি ল'ব পাৰে সেয়া সুনিশ্চিত কৰাটোও এই অভিযানৰ উদ্দেশ্য।