গুৱাহাটী, ৮ এপ্ৰিলঃ বৰ্ধিত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বাবে ৰাজ্যৰ মটৰ পৰিবহন সন্থাই ৰাজ্য চৰকাৰলৈ ৭০ শতাংশ বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায়।
সেইমৰ্মে, গুৱাহাটীৰ চিটিবাছৰ নূন্যতম ভাড়া ১৭ টকা হোৱাৰ লগতে দূৰণিবটীয়া বাছৰ ভাড়া ৭০ শতাংশ অৰ্থাৎ যদিহে পূৰ্বৰ ভাড়া ১০০০ টকা আছিল, তেনেহ'লে এতিয়াৰে পৰা যাত্ৰীয়ে ১,৭০০ টকা ভৰিব লগা হ'ব পাৰে।
যদিহে ৰাজ্য চৰকাৰে এই প্ৰস্তাৱত সন্মতি জনায়, তেনেহ'লে বাছত উঠিলেই যাত্ৰীয়ে ১৭ টকা ভাড়া দিব লাগিব।