পাহাৰ খহি মৃত্যু মুখত পৰা চুকুশ্ৰী বসুমতাৰীৰ ঘৰত উপস্হিত হ'ল বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞা।

 


নাৰায়ণপুৰ  জয়ন্ত কুমাৰ হাজৰিকাৰ  ২৫ :

ৰাজ্য খনত কেইবাদিনো ধৰি হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সমান্তৰালকৈ ভূমি স্খলনৰ ঘটনা সংঘটিত হৈছে ।


যোৱা দেওবাৰে পুৱাই লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ  কেৰেকজুলীৰ ইন্দুপুৰত পাহাৰ খহি পৰাৰ ফলত এগৰাকী মহিলাৰ কৰুন মৃত্যু  হৈছিল। সেই খবৰটো পাই বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা উপষ্ঠিত হয় ‌মহিলা গৰাকীৰ বাসগৃহত।


মৃত মহিলা গৰাকীৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে।দৰিদ্ৰ পৰিয়ালটোক


মহিলা গৰাকীৰ আদ্য শ্ৰাদ্ধৰ সকলো খৰচ বিধায়ক গৰাকীয়ে বহন  কৰাৰ উপৰিও পৰিয়ালটোলৈ চৰকাৰৰ ফালৰ পৰা সকলো সুবিধা প্ৰদানৰ ব্যবস্থা কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।



Post a Comment

Previous Post Next Post