ৰাছিয়া-ইউক্ৰেইন যুদ্ধত চীনে কি শিক্ষা পালে? আমেৰিকাৰ কমাণ্ডাৰে ক'লে সকলো কথা

 

গুৱাহাটী, ৭ এপ্রিলঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ ৪০ দিনৰো অধিক সময় পাৰ হৈ গ'ল। এফালে, আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। আনহাতে, চীনক ৰাছিয়াৰ সমৰ্থনত একেৰাহে থিয় হৈ থকা দেখা গৈছে। 

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কমাণ্ডৰে টাইৱানৰ বিষয়ে ৰাষ্ট্ৰপতি জ' বিডেনক সতৰ্ক কৰি দিছে। টাইৱান সম্পৰ্কে আমেৰিকা আৰু চীনৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা চলি আছে। দুয়োখন দেশে ইখনে-সিখনৰ বিৰুদ্ধে বহুবাৰ কঠোৰ বিবৃতি জাৰি কৰিছে।


আমেৰিকান কমাণ্ডাৰে কৈছে যে, "চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ৪০ দিনতকৈও অধিক সময় পাৰ হৈ গৈছে, কিন্তু ৰাছিয়াই এতিয়াও ইউক্ৰেইন সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাই। বৰঞ্চ, ৰাছিয়াৰ সেনাই ইউক্ৰেইন চহৰৰ পৰা পলায়ন কৰিছে।" লগতে, আমেৰিকাৰ নৌ-সেনা, পেচিফিক ফ্লীটকমাণ্ডাৰ এডমিৰেল চেমুৱেল জন পাপাৰোৱে এখন সংবাদমেলত কয়, "এতিয়া কোনো সন্দেহ নাই যে চীনে ইউক্ৰেইনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা পাইছে।"


ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে টাইৱানক ৯৫ নিযুত আমেৰিকান ডলাৰ মূল্যৰ প্ৰতিৰক্ষা সঁজুলি বিক্ৰী কৰিবলৈ অনুমোদন জনাইছে। যোৱা মাহত, ৰাষ্ট্ৰপতি বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন সামৰিক প্ৰতিৰক্ষা বিষয়াৰ এটা দল টাইৱানলৈ প্ৰেৰণ কৰিছে। ইয়াৰে, প্ৰতিবাদ কৰি চীনে কৈছে যে, "টাইৱানক সমৰ্থন কৰাৰ বাবে আমেৰিকাই যথেষ্ট মূল্য পৰিশোধ কৰিব লাগিব।"


Post a Comment

Previous Post Next Post