পুনৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ।
২৪ ঘণ্টাত বাঢ়িছে প্ৰায় ৬৬ শতাংশকৈ কোৰোণাৰ সংক্ৰমণ।
বৰ্তমান ভাৰতবৰ্ষত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৭জন।
বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে জাৰি কৰিছে নতুন SOP। এই SOP ত কোৱা হৈছে যে এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক হ’ব।
যদিহে মাস্ক পৰিধান নকৰে তেতিয়া ৫০০ টকা জৰিমনা ভৰিব লাগিব।
ইয়াৰোপৰি প্ৰশাসনে বিদ্যালয় সমূহকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।
ৰাজধানী দিল্লীত ২৪ ঘণ্টাত ৪০ শতাংশ কোৰোণাৰ সংক্ৰমণৰ হাৰ কমিছে যদিও প্ৰশাসনে এইবাৰ সজাগতাৰ ক্ষেত্ৰত কোনো কৃপনালি কৰিব খোজা নাই।