গুৱাহাটী,২ মে' : নতুন শিক্ষা নীতিৰ প্ৰয়োগ সন্দৰ্ভত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এক গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে। ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক, ব্যক্তিগত বিশ্ববিদ্যালয় আৰু চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়ে গঠন কৰিব লাগিব এই টাস্ক ফ’ৰ্চ । উচ্চ শিক্ষা সঞ্চালকে ৰাজ্যৰ প্রতিখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পঞ্জীয়ক, অধ্যক্ষলৈ জাৰি কৰিছে এই নির্দেশনা। প্রতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত তিনিজনীয়া টাস্ক ফৰ্চ গঠন হ’ব লাগিব । ইয়াৰে এজন সমন্বয়কৰ দায়িত্বত থাকিব ।
সংশ্লিষ্ট উচ্চ শিক্ষানুষ্ঠানত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত টাস্ক ফৰ্চৰ গুৰুত্ব থাকিব। বিশেষকৈ চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত কার্যকৰীকৰণৰ ক্ষেত্ৰত বিশেষ দায়িত্ব বহন কৰিব টাস্ক ফ’ৰ্চে৷ তদুপৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে টাস্ক ফ’ৰ্চে সমন্বয় আৰু যোগাযোগ ৰক্ষা কৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানত নতুন শিক্ষানীতি কার্যকৰীকৰণৰ সকলো দিশ পর্যবেক্ষণ কৰিব৷ ইফালে, ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে টাস্ক ফ’ৰ্চ গঠন কৰি টাস্ক ফ’ৰ্চৰ সদস্যসমূহৰ নাম, ম'বাইল নম্বৰ, ই-মেইল আদি সকলো তথ্য উল্লেখ কৰি উচ্চ শিক্ষা সঞ্চালকালয়ক অৱগত কৰিব লাগিব । উল্লেখ্য যে, উচ্চ শিক্ষা সঞ্চালকালয়ে ২ মে'ৰ ভিতৰত প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক এই টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ স্পষ্ট নির্দেশ দিছে ।