উদ্যোগপতি ৰতন টাটা হেনো প্ৰেমত পৰিছিল এগৰাকী আমেৰিকান যুৱতীৰ

 

গুৱাহাটী,১ মে': ৰতন টাটাৰ মাথোঁ ১০ বছৰ বয়সত পিতৃ নেভেল টাটা আৰু মাতৃ চুনি টাটাৰ বিবাহ বিচ্ছেদ হৈছিল। ৰতন টাটাক তেওঁৰ আইতা নৱজবাই টাটাই ডাঙৰ-দীঘল কৰিছিল। ৰতন টাটাৰ নোয়েল টাটা নামৰ এজন ভাতৃ আছে।তেওঁৰ শৈশৱ আৰু পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ বিষয়ে টাটাই এটি জনপ্ৰিয় ৱেবছাইটত কৈছিল, “মোৰ শৈশৱ সুখী আছিল, কিন্তু মোৰ ভাতৃ আৰু মই ডাঙৰ হোৱাৰ লগে লগে আমাৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদে আমাক বাৰুকৈ প্ৰভাৱিত কৰিছিল।আমি আমাৰ বন্ধুৰ তৰফৰ পৰা যথেষ্ট পৰিমাণে ৰেগিং আৰু ব্যক্তিগত আক্ৰমণৰ সন্মুখীন হৈছিলো,যিটো সেই দিনবোৰত আমাৰ বাবে বৰ কষ্টকৰ আছিল।কিন্তু আমাৰ আইতাই সেইবোৰ আমাক ভাবিবলৈ দিয়া নাছিল আৰু বহুতো কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিছিল।"

"মোৰ মায়ে পুনৰ বিবাহ কৰাৰ ঠিক পিছতে, স্কুলৰ ল'ৰাবোৰে আমাৰ বিষয়ে নানান ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছিল।কিন্তু আমাৰ আইতাই আমাক যিকোনো মূল্যত মৰ্যাদা বজাই ৰাখিবলৈ শিকাইছিল,এই মূল্যবোধ আজিলৈকে মোৰ সৈতে আছে।"

তেওঁ লগতে প্ৰকাশ কৰিছিল যে তেওঁ এসময়ত প্ৰেমত পৰিছিল আৰু প্ৰেয়সীৰ সৈতে বিয়া হোৱালৈকে ভাবিছিল।অৱশ্যে সেয়া সফল হোৱা নাছিল আৰু সেই সম্পৰ্কটো বিচ্ছিন্ন হৈ পৰিছিল। বিফল সম্পৰ্কৰ আঁৰৰ এটা মূল কাৰণ আছিল ১৯৬২ চনৰ ইণ্ডো-চাইনা যুদ্ধ। ৰতন টাটাই প্ৰকাশ কৰিছে যে তেওঁ কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক সম্পূৰ্ণ কৰাৰ পিছত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ভাবিছিল। উদ্যোগপতিজনে কৈছিল, "কলেজৰ পিছত মই লছ এঞ্জেলছৰ এটা প্ৰতিষ্ঠানত মই দুবছৰ কাম কৰিছিলো। এইটো এটা ভাল সময় আছিল। মোৰ নিজৰ গাড়ী আছিল আৰু মই মোৰ কামটো ভাল পাইছিলো। মই তাতেই প্ৰথম প্ৰেমত পৰিছিলো আৰু প্ৰায় বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা ভাবিছিলো। কিন্তু একে সময়তে মই অস্থায়ীভাৱে ভাৰতলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ কাৰণ মই মোৰ আইতাৰ পৰা আঁতৰি আছিলোঁ, যি প্ৰায় ৭ বছৰ ধৰি অসুখত ভুগি আছিল।"

তেওঁ লগতে কয়, "গতিকে মই আইতাক লগ কৰিবলৈ ঘূৰি আহিছিলো আৰু ভাবিছিলো যে মই বিয়া কৰিব বিচৰা প্ৰেয়সী গৰাকীয়েও মোৰ সৈতে ভাৰতলৈ আহিব,কিন্তু ১৯৬২ চনৰ ভাৰত-চীন

Post a Comment

Previous Post Next Post