লাহোৱাল, ২ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, অনিৰুদ্ধদেৱৰ অদ্বৈতবাদী আদৰ্শৰে মহাপুৰুষজনাৰ পৰৱৰ্তী সময়ৰ সমাজ সংস্কাৰক উজনি অসমৰ অন্যতম ভূমিপুত্ৰ মটক, মৰাণ জনগোষ্ঠীৰ ধৰ্মীয় গুৰু মহাপুৰুষ অনিৰুদ্ধদেৱৰ জীৱন কালত সফলভাৱে প্ৰযোজ্য হোৱা দেখিবলৈ পোৱা যায়৷
মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ মহাপুৰুষসকলৰ অন্যতম মাধৱদেৱ, গোপাল দেৱ আৰু অনিৰুদ্ধদেৱে অসমীয়া সমাজৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন কৰাৰ লগতে সমাজ সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতি-নিৰ্দেশনাসমূহতকৈও শংকৰদেৱৰ আদৰ্শ একান্তভাৱে মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে গ্ৰহণ কৰা বিশেষভাৱে দেখিবলৈ পোৱা যায়৷ সেয়েহে শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী সময়ত অনিৰুদ্ধদেৱে প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ কৰিছিল৷ সেয়েহে শংকৰদৱেৰ আদৰ্শ আৰু অনিৰুদ্ধদেৱৰ আদৰ্শ এক আৰু অদ্বৈতবাদ বুলি বিনাদ্বিধাই ক’ব পাৰি৷
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৯ সংখ্যক জন্মজয়ন্তী উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ উদ্যোগত অনুষ্ঠিত হোৱা অনিৰুদ্ধদেৱৰ মায়ামৰা পন্থ ঃ দৰ্শন আৰু বৈশিষ্ট্য’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰাক্তন অধ্যাপক, বুৰঞ্জীবিদ ড. ডম্বৰুধৰ নাথে এনেদৰে নিজৰ বক্তব্য প্ৰদান কৰে৷ ড. নাথে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মক কেতিয়াও মায়ামৰা ধৰ্ম হিচাপে প্ৰচাৰ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত তেখেতে প্ৰৱৰ্তন কৰা ধৰ্মক মায়ামৰা ধৰ্ম হিচাপে পৰিচিতি লাভ কৰে৷
উজনি অসমৰ মটক অধ্যুষিত অঞ্চলত অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা ধৰ্মই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে পৰৱৰ্তী সময়ত ব্যাপক ৰূপ লাভ কৰি সমাজ গঠনত অভূতপূৰ্ব অৰিহণা যোগায় বুলিও তেখেতে বক্তব্য প্ৰদান কৰে৷ অনিৰুদ্ধদেৱৰ জীৱন আৰু কৰ্মৰ বিষয়ে তথ্যসহকাৰে নিজৰ বক্তৃতা প্ৰদান কৰা এই বক্তৃতাৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. লীলাকান্ত নাথে৷ তেখেতে উদ্বোধনী ভাষণত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ জৰিয়তে কৰি অহা বিভিন্ন কৰ্ম আৰু বক্তৃতা সম্পৰ্কে ভূয়সী প্ৰশংসা কৰাৰ লগতে অনিৰুদ্ধদেৱ আসনত প্ৰয়োজন হোৱা অন্যান্য দিশৰ ওপৰত গুৰুত্বসহকাৰে গ্ৰহণ কৰি অতি শীঘ্ৰে ইয়াৰ সমাধানৰ বাবে চৰকাৰৰ হাতত প্ৰস্তাৱ দাখিল কৰাৰ কথাও উল্লেখ কৰে৷ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক ড. চন্দন শৰ্মাই আঁত ধৰাৰ লগতে গৱেষক ড. ডম্বৰুধৰ নাথৰ জীৱন আৰু কৰ্মৰ বিষয়ে পৰিচয় সূচক বক্তব্য প্ৰদান কৰা এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰাধ্যাপিকা ড. জাহ্নৱী গগৈ নাথে৷ ড. নাথে অনিৰুদ্ধদেৱ আসনৰ সমস্যা তথা অন্যান্য বিষয়ৰ ওপৰত নিজৰ আদৰণি ভাষণত উল্লেখ কৰাৰ লগতে চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই অনিৰুদ্ধদেৱ আসনৰ আৰ্থিককে ধৰি অন্যান্য বিষয়ৰ ওপৰত গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ লগত যোগাযোগ কৰি সমস্যাসমূহ সমাধান কৰি গতিশীলতা প্ৰদান কৰিব বুলি আশ্বাস দিয়ে বুলি উল্লেখ কৰে৷
এই অনুষ্ঠানত শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীমুকুন্দানন্দ চন্দ্ৰ গোস্বামী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড. জিতেন হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন প্ৰাধ্যাপক তথা সাহিত্যিক ড. কৰবী ডেকা হাজৰিকাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন জনৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰে৷ সদৌ অসম মটক সন্মিলনৰ প্ৰাক্তন সভাপতি চন্দ্ৰ সেনাপতিকে ধৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা-ছাত্ৰ-ছাত্ৰী আৰু বিিভন্ন অঞ্চলৰ পৰা অহা লোকৰ উপস্থিতিত এই বক্তৃতানুষ্ঠান সফলভাৱে সম্পন্ন হয়৷