নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বিজেপি দলেও বিদেশৰ পুঁজি লাভ কৰিছিল নেকি?- পলাশ চাংমাই

সোণাৰি, ১৬ জুন : নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি অন্যান্য বৃহৎ নদীবান্ধ প্ৰকল্প সমূহৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনসাধাৰণৰ ক্ষয়-ক্ষতি হ'ব পৰা বৃহৎ নদীবান্ধ প্ৰকল্প সমূহ নিৰ্মাণৰ জৰিয়তে শক্তি উৎপাদন কৰি চৰকাৰে কাৰ উন্নয়ন সাধন কৰিব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বিদেশৰপৰা ধন লৈ দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰা বুলি কৰা মন্তব্যৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ।এই সন্দৰ্ভত  নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত যুৱ-ছাত্ৰ পৰিষদৰ নেতাজনে কয়, "নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অঞ্চলত বসবাস কৰা জনসাধাৰণে এই প্ৰকল্পৰপৰা ভৱিষ্যতে সন্মুখীন হ'বলগীয়া ভয়াৱহতাৰ কথা বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদনত উল্লেখ কৰা পাছত অসমৰ ৰাইজ তথা দল-সংগঠনসমূহে এই নদীবান্ধৰ বিৰোধিতা কৰিছিল।

 

কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে কোৱাৰ দৰে যদিহে অসমৰ দল-সংগঠনসমূহে বিদেশী ৰাষ্ট্ৰৰ পুঁজিৰে এই প্ৰতিবাদ কৰিছিল তেনেহলে বিজেপি দলেও বিদেশৰ পৰা পুঁজি লাভ কৰিছিল নেকি নদীবান্ধ বিৰোধী আন্দোলন কৰিবলৈ ? কংগ্ৰেছ চৰকাৰৰ দিনত বিজেপি দলেও নদীবান্ধৰ বিৰোধিতা কৰিছিল"। ২০১৪ চনত বিজেপি দল শাসনলৈ অহাৰ আগতে নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁতে বিদেশৰ পৰা পুঁজি লাভ কৰিছিল নেকি বুলি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই প্ৰশ্ন উত্থাপন কৰি নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বিজেপি দলে গেৰুকামুখত প্ৰতিবাদ সাব্যস্ত কৰোঁতে সেই সময়ত বিজেপি দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি দলৰ নেতা ৰাজনাথ সিঙে নদীবান্ধ বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি বিজেপি দল শাসনলৈ আহিলে বৃহৎ নদীবান্ধ সমূহ বন্ধ কৰি দিয়া হ'ব বুলি ঘোষণা কৰা পিছত এতিয়া আকৌ সেই নদীবান্ধক বিজেপি দলে সমৰ্থন কৰা কাৰ্যই বিজেপি দলৰ মিথ্যাচাৰৰ কথাকে সূচায় বুলি মন্তব্য কৰিছে। শাসনলৈ অহাৰ আগতে নদীবান্ধৰ বিৰোধিতা কৰা বিজেপি নেতাসকলে সেই সময়ত সুস্থ মগজুৰে চিন্তা নকৰাকৈ আন্দোলন কৰিছিল নেকি যে শাসনলৈ অহাৰ পাছত এতিয়া তেওঁলোক নদীবান্ধৰ সপক্ষে থিয় হ'ব লগীয়া হৈছে বুলিও তীব্ৰ সমালোচনা কৰিছে যুৱ ছাত্ৰৰ নেতাজনে।

 


Post a Comment

Previous Post Next Post