মাৰ্ঘেৰিটাত এতিয়া চাৰিওঁফালে আনন্দ উল্লাস । মাৰ্ঘেৰিটাৰ সু - সন্তান পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাকলৈয়ে এই উল্লাস ।
পিতৃ - মাতৃ সমন্বিতে পৰিয়ালৰ লোকে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ।
মাৰ্ঘেৰিটাৰ পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভালৈ নিৰ্বাচিত । বিজেপি তথা মিত্ৰজোটৰ প্ৰথম পচণ্ডৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত যুৱনেতাগৰাকী । জোনবাই ভিচিডিৰ জড়িয়তে জনপ্ৰিয়তা লাভ কৰিছিল পবিত্ৰই । পৰবৰ্তী সময়ত বিজেপি দলত যোগদান কৰিছিল সাংস্কৃতিক কৰ্মী গৰাকী। গেৰুৱা দলটোৰ ৰাজ্যিক মুখপাত্ৰৰ লগতে বিজেপিৰ মেডিয়া চেলৰ অধ্যক্ষ,জ্যোতি চিত্ৰবনৰ অধ্যক্ষ আৰু শেষতীয়াকৈ অসম চৰকাৰৰ যুৱ ছাত্ৰ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব ৰূপে দ্বায়িত্ব লাভ কৰিছিল তেওঁ । মিডিয়া পেনেলিষ্ট হিচাপে বিশেষ সমাদৰ লাভ কৰা পবিত্ৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাত গৃহ চহৰ মাৰ্ঘেৰিটাত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। নিশা ফলাফল ঘোষণাৰ পাছতে একাংশ বিজেপি কৰ্মীয়ে ফটকা ফুটাই আনন্দ- উল্লাস কৰে ।