১ এপ্ৰিল : মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচৰ সমিপৰ চাইদিঙত আজি পুৱা ডেম ট্ৰেইনৰ খুন্দত এজন যুৱক নিহত হয়।
দিহিং চাহবাগিছা অঞ্চলৰ নতুন লাইনৰ নিবাসী প্ৰেম বাহাদুৰ ছেত্ৰীৰ পুত্ৰ দিপক ছেত্ৰী এই ঘটনাত মৃত্যু হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় ২১ বছৰীয়া যুৱক জনে পুৱা প্ৰাতঃ ভ্ৰমণত উলাই গৈছিল আৰু ৰেল লাইনেৰে মোবাইলত কথা পাতি গৈ থকা অৱস্থাত লিডু ডিব্ৰুগড় ডেম ট্ৰেইন খনে মহতিয়াৰ নিয়াৰ ফলত দিপকৰ থিতাতে মৃত্যু হয়।
ঘটনাস্থলিত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তিনিচুকীয়ালৈ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে।
মাৰ্ঘেৰিটা ৰ পৰা আব্দুল আলিমৰ ৰিপোৰ্ট