২ , ৩ আৰু ,৪ এপ্ৰিলত জোনাইৰ ডেকাপাম উজনি নামকিৰ গাঁৱত পঃৰাগ উৎসৱ

 

অহা ২,৩ আৰু ৪ এপ্ৰিলত জোনাই মহকুমাৰ ডেকাপামৰ উজনি নামকিৰ গাঁৱৰ মূৰং অকুমত মিচিং সকলৰ দ্বিতীয় বৃহৎ জাতীয় উৎসৱ নৰাচিগা বিহু পঃৰাগ উৎসৱৰ  ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। পঃৰাগ উৎসৱক সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে আটকধুনীয়াকৈ আদৰণি তোৰণ, মূল মণ্ডপ, ভোজনালয়, অতিথিশালা নিৰ্মাণৰ কাম প্ৰায়েই সম্পূৰ্ণ কৰি তুলিছে।



জী-জোঁৱাই, অতিথি আৰু অভ্যাগত সকলৰ বাবে গাহৰি, মাছ, ছাই মদ, বিভিন্ন প্ৰকাৰৰ শাক-পাছলি আদি থলুৱা খাদ্য সম্ভাৰ যোগাৰ কৰাৰ  লগতে গুমৰাগ, ঐনিতমৰ আখৰাও সমান্তৰালকৈ চলাই গৈছে উদযাপন সমিতিয়ে। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা পঃৰাগ উৎসৱৰ প্ৰথমদিনা অৰ্থাৎ ২ এপ্ৰিলৰ পুৱা ৬ বজাত পঃৰাগস্থলীত স্বচ্ছতা অভিযানৰ পাছত পুৱা ৭ বজাত গছপুলি ৰোপণ, পুৱা ৮ বজাত মাঙ্গলিক কাৰ্য্যসূচীৰে পঃৰাগ আৰম্ভ।পুৱা ৯ বজাত জী-জোঁৱাই সকলৰ পঞ্জীয়ন, পুৱা ১০ বজাত স্মৃতি তৰ্পণ, বিয়লি ১ বজাত আমন্ত্ৰিত মিনম দলক আদৰণি পৰ্ব্ব আৰু বিয়লি ২ বজাত পুৰোহিত সকলৰ আদৰণি পৰ্ব্ব অনুষ্ঠান হ’ব।


সন্ধিয়া ৭ বজাত পঃৰাগ উপলক্ষে পৰম্পৰাগতভাৱে ছাই মদ চকা পৰ্ব্ব ,সন্ধিয়া ৮ বজাত জী-জোঁৱাই সকলৰ মাজত প্ৰীতিভোজৰ আয়োজন।দ্বিতীয় তথা ৩ এপ্ৰিলৰ পুৱা ৭ বজাত পৰম্পৰাগত নিয়ম অনুসৰি গাহৰি মৰা যজ্ঞ, পূৱা ৯ বজাত কৃষ্টি প্ৰদৰ্শন, পুৱা ১০ বজাত উদযাপন সমিতিয়ে প্ৰকাশ কৰিবলৈ লোৱা স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেই।পুৱা ১১ বজাত আমন্ত্ৰিত অথিতি সকলক আদৰণি আৰু আপ্যায়ন অনুষ্ঠান, দুপৰীয়া ১২ বজাত মিনম দলৰ কৃষ্টি প্ৰদৰ্শন, সন্ধিয়া ৭ বজাত পুৰোহিত সকলৰ দেও নৃত্য প্ৰদৰ্শন কৰিব।

অন্তিম তথা ৪ এপ্ৰিলৰ পুৱা ৮ বজাত মিনম দলৰ প্ৰীতিভোজ,পুৱা ১১ বজাত মিনম দলৰ কৃষ্টি প্ৰদৰ্শন, দুপৰীয়া ১ বজাত বিশিষ্ট অতিথি সকলৰ বিদায় অনুষ্ঠান, দিনৰ ২ বজাত পুৰোহিত সকলৰ বিদায় অনুষ্ঠান অনুষ্ঠিত কৰা হব। সন্ধিয়া ৭ বজাত কিৰণ দলে সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী খগেন পেগু, জেক্ জন, যুৱৰাজ দলে আৰু স্থানীয় শিল্পী সকলে গীত-মাত পৰিৱেশন কৰিব।


 তিনিদিদীয়াকৈ অনুষ্ঠিত কৰা পঃৰাগ উৎসৱত অতিথি হিচাপে উপস্থিত থাকিব জোনাইৰ বিধায়ক ভূবন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ দিপক কুমাৰ দলে, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য ববীকান্ত পেগু, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, সদস্যা সোভাৰাণী বসুমতাৰী,পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোপীৰাম দলে, পশ্চিম জোনাই মহাবিদ্যালয়ৰ অধ্যক্ষ হেমন্ত পেগু, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যাপক ভূপেন চুংক্ৰাং, টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, অৰুনাচলৰ  গাল'- মিচিং সমন্বয় সমিতিৰ সভাপতি কেনয়ম ডাবি, গাল' ৱয়েলফেয়াৰ চ'ছাইটিৰ বিত্ত সম্পাদক কেন্ট'  নিয়ডু, জোনাই সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰী, ডেকাপাম হাইস্কুলৰ প্ৰধান শিক্ষক হেমধৰ পেগু প্ৰমুখ্যে পঞ্চায়ত প্ৰতিনিধি, অৱসৰপ্ৰাপ্ত শিক্ষক,  বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকিব। 

Post a Comment

Previous Post Next Post