বিহপুৰীয়াৰ বৰাইখনাত শুক্ৰবাৰে পুৱা সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷
চহৰ আলি নামৰ এজন যুৱকক হত্যা কৰিলে নিজ মাতৃ চৰ্মত বানুৱে ।
পাৰিবাৰিক কণ্ডলৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত কৰে মাতৃ চৰ্মত বানুৱে । হত্যাকৰি মাতৃ চৰ্মত বানুৱে স্থানীয় ৰাইজৰ আগত ৰণচণ্ডী মুৰ্তি ধাৰণ কৰি স্বীকাৰ কৰিলে
নিজে হত্যাকাণ্ডটো সংঘটিত কৰা বিষয়টো ৷
পুত্ৰ চহৰে বিগত বহুদিন ধৰি মাতৃক কৰি গৈছিল অমানুষিক অত্যাচাৰ আজিও পুৱা ঘৰুৱা কথাত মাতৃৰ লগত হৈছিল কাজিয়া আৰু কাজিয়াৰ পিছতে হত্যাকাৰী মাতৃক খেদি গৈছিল মাৰিবলৈ।
নিজৰ প্ৰাণ বচোৱাৰ বাবে হত্যাকাৰী মাতৃয়ে পুত্ৰ চহৰৰ চকুলৈ দলিয়াইছিল বালি। আৰু তাৰ পিছতেই পুত্ৰ চহৰক বাহঁ আৰু হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে।