অৰুপ পুজাৰী, মূৰফুলনীঃ ইজনৰ পিছত সিজন নেতাই দল এৰিছে৷ ইটোৰ পিছত সিটো নিৰ্বাচনত শোচনীয় পৰাজয় হৈছে৷ তেনে সময়ত এচাম নিষ্ঠাবান তৃণমূলৰ কৰ্মীয়ে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰি দলটোক পুনৰ ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছে। আজি কাৰ্বি-আংলং জিলাৰ চকীহোলা অঞ্চলত নিলীপ মণ্ডল কংগ্ৰেছ সমিতিয়ে বাইকৰেলী উলিয়াই কংগ্ৰেছ দল জিন্দাবাদ ধ্বনিৰে চকীহোলা অঞ্চলত কংগ্ৰেছ স্থিতি মজবুত কৰিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয়। চকীহোলাৰ পৰা বগীজান চাৰিআলিৰ মাজেৰে চিলনীজান লৈকে বাইক ৰেলী কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত নিলীপ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে৷ এগৰাকী স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ কংগ্ৰেছৰ শীৰ্ষ মহলক দাবী জনাই। আনহাতে কংগ্ৰেছৰ হৈ নিলীপ সংসদীয় সমষ্টিৰ পৰা ইলিয়াচ ফাংচুক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দাবী জনাই নিলীপ মণ্ডল কংগ্ৰেছে।