গুৱাহাটী, ১৬ এপ্ৰিলঃ কৃষ্ণ সাগৰ (Black Sea)ত ডুব যোৱা ৰাছিয়াৰ যুদ্ধজাহাজ মস্ক’ভাত দুটা পাৰমাণৱিক অস্ত্ৰ থকাৰ উমান পোৱা বুলি ইউক্ৰেইনৰ বিশেষজ্ঞসকলে দাবী কৰিছে।
ইউক্ৰেইনৰ এক প্ৰতিবেদনত প্ৰকাশ যে "ব্লেক চি ইনষ্টিটিউট ফৰ ষ্ট্ৰেটেজিক ষ্টাডিজ"ৰ প্ৰকল্প মেনেজাৰ আন্দ্ৰে ক্লিমেঙ্কোৱে কৈছে, "'বিশেষজ্ঞসকলে কয় যে 'মস্ক’ভা'ত ক্ৰুজ মিছাইলৰ বাবে ২ টা পাৰমাণৱিক ৱাৰহেড আছে, লগতে এই জাহাজখন এখন পাৰমাণৱিক অস্ত্ৰ বাহক।"
বিশেষজ্ঞসকলে আৰু কৈছে, 'ব্লেক চি'ৰ উপকূলীয় দেশসমূহ - তুৰ্কী, ৰোমানিয়া, বুলগেৰিয়া, জৰ্জিয়া- তৎক্ষণাৎ অন্তৰ্ভুক্ত হ'ব লাগে। ১৩ এপ্ৰিলৰ সন্ধিয়া ইউক্ৰেইনৰ এণ্টি-জাহাজ নেপচুন মিছাইলে ৰাছিয়াৰ ব্লেক চি'ৰ ফ্লীটৰ এখন মিছাইল ক্ৰুজাৰত আঘাত কৰে বুলি খবৰ পোৱা গৈছে। ইয়াৰ পিছত, ১৬ টা ক্ৰুজ মিছাইল থকা ক্ৰুজাৰখন নিষ্ক্ৰিয় হৈ পৰে আৰু ডুব যায়।
১৪ এপ্ৰিলৰ ৰাতিপুৱা ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্বীকাৰ কৰে যে ব্লেক চি'ৰ ফ্লীটৰ ফ্লেগশ্বিপৰ ডেকত জুইয়ে আৱৰি ধৰে। ইউক্রেইনৰ প্ৰৱদাৰ মতে, মন্ত্ৰালয়ে কৈছে যে, "দুৰ্ঘটনাটো হঠাতে বিস্ফোৰক সামগ্রীৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে। কমাণ্ডে ব্যক্তিগতভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনকো ঘটনাটোৰ বিষয়ে অৱগত কৰিছে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধই অষ্টম সপ্তাহত প্ৰৱেশ কৰিছে আৰু ইয়াৰ মাজতে ৰাছিয়াৰ বাবে এটা বেয়া খবৰ ওলাইছে, কিয়নো ৰাছিয়াই এতিয়ালৈকে আটাইতকৈ ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। ৰাছিয়ান নৌসেনাৰ স্লাভা শ্ৰেণীৰ ক্ৰুজাৰ মস্ক’ভা কৃষ্ণ সাগৰত ডুব গৈছে।
ইউক্ৰেইনৰ সামৰিক কমাণ্ডে ১৪ এপ্ৰিলৰ আবেলি ঘোষণা কৰিছে যে, "ক্ৰুজাৰ মস্ক’ভা ইউক্ৰেইনৰ মিছাইলৰ প্ৰভাৱত ডুব গৈছে।" তাৰ পৰৱৰ্তী সময়ত আকৌ খবৰ পোৱা গৈছে যে, "সেৱাস্টোপোললৈ যাওঁতে বিশাল ৰাছিয়াৰ যুদ্ধজাহাজখনত দীঘলীয়া সময় ধৰি লাগি থকা জুইৰ বাবে ডুব গৈছে।"