গুৱাহাটী, ১৬ এপ্ৰিলঃ ক্ৰিকেট জগতৰ সৰ্বশ্ৰেষ্ঠ বলাৰ শ্বেন ৱাৰ্ণৰ হৃদৰোগত আক্ৰান্ত হৈ কিছুদিন পূৰ্বে মৃত্যু হৈছে। মৃত্যুৰ সময়ত ৱাৰ্ণৰ বয়স মাত্ৰ ৫২ বছৰ আছিল। ৱাৰ্ণৰ আকস্মিক মৃত্যু ক্ৰিকেট জগতৰ বাবে এটা অপূৰণীয় ক্ষতি। শেহতীয়াকৈ টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট ক'হলীয়ে ৱাৰ্ণক স্মৰণ কৰি এক বিবৃতি প্ৰদান কৰিছে।
ভাৰতৰ তাৰকা বেটছমেন বিৰাট ক'হলীয়ে কয় যে, "স্বৰ্গীয় শ্বেন ৱাৰ্ণৰ সৈতে প্ৰতিটো কথোপকথনত কিবা নতুন কথা শিকিব পাৰি আৰু তেওঁৰ সৈতে মোৰ আলোচনা সদায় সাৰ্থক আছিল।"
থাইলেণ্ডত ৪ মাৰ্চত হৃদৰোগত আক্ৰান্ত হৈ ৱাৰ্ণৰ মৃত্যু হয়। ক'হলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বোল্ড ডায়েৰীজত কৈছে, "মই কেতিয়াবা ৱাৰ্ণৰ কামবোৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। ক্ৰিকেটৰ ওপৰত ৱাৰ্ণৰ প্ৰভাৱ সুন্দৰ আছিল। তেওঁ এজন সুন্দৰ ব্যক্তিও আছিল। খেলপথাৰৰ বাহিৰত তেওঁৰ সৈতে বহুবাৰ কথা পাতিবলৈ সুযোগ পাইছোঁ।"
কোহলীয়ে আৰু কৈছে যে, "ৱাৰ্ণে সদায় ইতিবাচক বিষয়ৰ ওপৰত আলোচনা কৰি আহিছে আৰু তাৰ ভিতৰত বহু অৰ্থপূৰ্ণ কথা আছে। তেওঁৰ পৰা বহু শিকিবলৈ পাইছোঁ আৰু টেষ্ট ক্ৰিকেটৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰশংসনীয় আছিল।"
"ৱাৰ্ণৰ মৃত্যুৱে মোৰ দৰে বহুতকে হতবাক কৰিছে। এইটো সকলোৰে বাবে এক গভীৰ আঘাত, কিন্তু আমি তেওঁৰ ক্ৰিকেট কেৰিয়াৰ, জীৱন আৰু কৃতিত্ব দেখি সুখী হ'ব পাৰোঁ। "