মৃৎ শিল্প হৈছে অসমৰ এবিধ উল্লেখযোগ্য লোককলা ।
সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল মৃৎ শিল্পৰ সৈতে জড়িত।
এই সকল লোকক ‘কুম্ভকাৰ’ নামেৰেও জনা যায়।
অসমৰ কেইখনমান ঠাই গৌৰীসাগৰ,কাকডোঙা,ধৱলী,ভীমপাৰা আদি নৈপৰীয়া অঞ্চলৰ লোকসকলৰ প্ৰধান জীবিকাই হৈছে মৃৎ শিল্প কলা।বিশেষকৈ মাজুলীৰ শালমাৰা অঞ্চলৰ মৃৎ শিল্পই অসমৰ মৃৎ শিল্পজাত সামগ্ৰীৰ এক তৃতীয়াংশ চাহিদা পূৰণ কৰে।
মৃৎ শিল্পজাত সামগ্ৰী সমূহ নিৰ্মাণ কৰিবৰ বাবে কুমাৰ সকলে বোৱঁতী সুঁতিৰ কাষত ৩০/৪০ ফুট দ’ গাঁত খান্দি তাৰ পৰা মাটি তোলে আৰু সেই মাটিখিনিৰ আঠাগুণ সমূহ নাইকিয়া কৰি কলহ- টেকেলি আদি মাটিৰ পাত্ৰ সমূহ গঢ়াৰ বাবে উপযোগী কৰি তোলে।
গঢ় দিয়াৰ পাত্ৰ সমূহ ৰ’দত শুকুৱাই টান কৰে তাৰ পিছত পাত্ৰ সমূহত গেৰুৱা মাটি পানীত মিহলি কৰি ৰং প্ৰস্তুত কৰে আৰু পাত্ৰ সমূহ টান কৰিবৰ বাবে ‘পেঘালী’ ত পোৰণ কার্য আৰম্ভ কৰে পোৰন কার্য সম্পন্ন কৰাৰ পিছতেই পাত্ৰ সমূহ বিক্ৰীৰ বাবে উপযোগী হয়।
মাজুলীৰ শালমাৰা নৈপৰীয়া লোকসকলে বছৰত তিনিবাৰকৈ মৃৎ শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কৰে আৰু এই সময় খিনিক খেপ বুলি কোৱা হয়। এই খেপ সমূহ হ’ল আহু খেপ,শালি খেপ,আৰু বেচা খেপ। আহু খেপৰ উৎপাদন আৰু বিক্ৰী জেঠ মাহৰ পৰা ভাদ মাহৰ ভিতৰত শালি খেপ আঘোণৰ পৰা ফাগুন মাহৰ ভিতৰত আৰু বেচা খেপৰ উৎপাদন আৰু বিক্ৰী চ’ত মাহৰ পৰা বহাগ মাহৰ ভিতৰত সম্পাদিত হয়।
মাটিৰে উৎপাদন কৰা সামগ্ৰী সমূহ যেনে এঁৱা টেকেলি, পাচি টেকেলি, দৈ টেকেলি, সৰু পাটি কলহ,ডাঙৰ পাটি কলহ, মথাকনীয়া কলহ,মলা, দুণৰি, খোল,নাগেৰা, উধান আদিয়েই প্ৰধান ।