হিন্দু শাস্ত্ৰ আৰু আয়ুৰ্বেদ শাস্ত্ৰত বেলৰ স্থান

 

 0 1,617

বেল বা বেলপাতৰ হিন্দু ধৰ্মত এক সুকীয়া স্থান আছে। বেল গছৰ পাতৰ পৰা শিপালৈ হিন্দু ধৰ্মত পবিত্ৰ বুলি ধৰা হয়। বেল গছক হিন্দু ধৰ্মৰ বাহিৰে আয়ুৰ্বেদশাস্ত্ৰতো বিশেষ স্থানত মান্য কৰে। বেল যে এবিধ উত্তম খাদ্য আমি অনুধাৱন নকৰোঁ।


বিশেষজ্ঞসকলে ৰাসায়নিক বিশ্লেষণত পাইছে যে পকা বেলৰ আহত প্ৰ’টিন ২ আৰু কাৰ্ব’হাইড্ৰেট ৩১ শতাংশ, প্ৰ’টিন ২ শতাংশ থাকে।


গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি পকা বেল খালে মানুহৰ কোষ্ঠকাঠিন্যতা দূৰ কৰিব পাৰে। অজীৰ্ণ, ডায়েৰিয়া আদিৰ উপকাৰি।


বেলৰ পাতৰ ৰস সেৱন কৰিলে কফ, বাতবিষ আৰু বিভিন্ন প্ৰকাৰৰ ৰোগ নষ্ট কৰে। বেলৰ ফুল অতিসাৰ আৰু বমি আদি বিসংগতিৰ উত্তম ঔষধ। সন্ধিবাত বা গাঁঠিৰ বিষ হ’লে বেলৰ গুটিৰ পৰা উলিওৱা আঠা বা তেলেৰে মালিচ কৰিলে উপকাৰ লাভ কৰে।


গৰ্ভৱতী মহিলাই পকা বেলৰ শাহ খালে স্তনত দুগ্ধৰ পৰিমাণ বাঢ়ে। আলচাৰ, অৰ্শৰোগ, উশাহ-নিশাহৰ কষ্ট, বেক্টেৰিয়া আৰু ভাইৰাছজনিত ৰোগৰ বিৰুদ্ধে পকা বেল মহৌষধী ।


পেটত হোৱা জ্বলা-পোৰা কমে আৰু সৰ্বশৰীৰে শীতল অনুভৱ কৰে।

অসমৰ বিভিন্ন ঠাইত বেলৰ কলি চুৰ্ণ কৰি ৰদত শুকুৱাই গৰম পানীত উতলাই খায়। আৰু এই গৰম পানী বিধ আমাৰ শৰীৰ বাবে উপকাৰী।

প্ৰকাশ পোৱা তথ্য মতে বেল দিয়া গৰম পানীয়ে ডেংগু আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
হৃদযন্ত্ৰত আক্ৰান্ত ৰোগীয়ে গাখীৰৰ লগত পকা বেলৰ বা বেল দিয়া গৰম পানী খালে কিছু সময় পিছত ৰোগীয়ে আৰাম অনুভৱ কৰে ।


জুই বা গৰম বস্তুৱে পুৰিলে বেলৰ পাতৰ ৰস ঘনাই লগালে পোৰণিৰ তীব্ৰতা হ্ৰাস পায়।
প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে বেল পাতৰ লগত জিৰা আৰু মিচিৰি মিহলাই পিহি খুৱালে দুদিনৰ ভিতৰতে আৰোগ্য হয়।


বেলৰ শিপা পানীৰ লগত পিহি গুৰি কৰি সৰ্পদংশন হোৱা অংশত লগালে বিষ নাইকিয়া হয়।
বেলৰ পাতৰ ৰস, সম পৰিমাণৰ নেমুৰ ৰস আৰু মিচিৰি মিহলাই খুৱালে বমি বন্ধ হয়। এই মিশ্ৰণ খুৱালে ডায়েৰিয়া ৰোগো নিয়ন্ত্ৰণ হয়। ডায়েৰিয়া প্ৰতিৰোধ কৰিবলৈকো এই মিশ্ৰণ খুৱাই থাকিব লাগে।


বেলৰ এনেধৰণৰ উপকাৰিতা বহু আছে, তাৰমাজতে কিছু তথ্য আপোনালোকৰ মাজত আগ বঢ়াবলৈ চেষ্টা কৰিলো।

Post a Comment

Previous Post Next Post