ৰঙালী বিহুক আদৰিবলৈ অসমৰ ৰাইজে কঁকালত টঙালি বান্ধিছে । ঠায়ে ঠায়ে হেঁপাহৰ বিহুটিক আদৰিবলৈ আৰু এপাক মন খুলি নাচিবলৈ বিহু সমিতি সকলেও প্ৰস্তুতি তুংগত কৰি তুলিছে । ব্যতিক্ৰম নহয় তিনিচুকীয়াৰ ঐতিহাসিক কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলন ২০২২।
একতাৰ এনাজৰী ডাল কটকটীয়া কৰি বিভিন্ন ভাষা ভাষী ধৰ্ম নিৰ্বিশেষে এইবাৰ বাণিজ্যিক নগৰী তিনিচুকীয়া বাসীয়ে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি উদযাপন কৰিবলৈ যো জা চলাইছে 73 তম তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক সন্মিলন ২০২২ ।
বিগত দুটা বছৰ কাল কৰুণা বিভীষিকাই সমগ্ৰ ৰাজ্যবাসীক পনবন্দী কৰি পেলাইছিল। সকলো যেন এক অনিশ্চয়তাত ভুগি নিজৰ স্বাভাৱিক জীৱন কেতিয়া ঘূৰি আহিব তাক লৈ চিন্তিত হৈ পৰিছিল ।
কলাগুৰুই সভাপতিত্ব কৰা এইখন বিহুৰ মান সন্মান বৰ্তাই ৰাখি এইবাৰৰ সমিতিখনে এক নতুন মাত্ৰাৰে উদযাপন কৰি সুনাম কঢ়িয়াই আনি এক সুকীয়া নিৰ্দশন দাঙি ধৰিব বুলি তিনিচুকীয়া বাসী ৰাইজে আশা প্ৰকাশ কৰিছে । উক্ত ঐতিহাসিক বিহু খনৰ প্ৰস্তুতি সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি মন্তব্য এনেধৰণৰ ।
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপ