গুৱাহাটী, ১ এপ্ৰিলঃআগন্তুক ৫ দিনত উত্তৰ-পূব ভাৰতৰ কিছু কিছু অঞ্চলত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূব ভাৰতৰ কিছু অংশত অহা কেইদিনমানৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী কৰিছে।
অহা ৫ দিনত অসম,মেঘালয় আৰু অৰুণাচল প্ৰদেশত, নাগালেণ্ড, মণিপুৰ আৰু ছিকিমত বৰষুণ হ’ব।কিয়নো বংগোপসাগৰৰ পৰা দক্ষিণ-পশ্চিম বতাহজাক উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ নিম্ন ট্ৰপোস্ফেৰিক স্তৰত প্ৰবাহিত হ'ব।
ইফালে পৰৱৰ্তী পাঁচ দিনত দেশৰ অন্যান্য প্ৰান্তত অসহ্যকৰ গৰম পৰিব বুলিও ভৱিষ্যতবাণী কৰিছে।পৰৱৰ্তী পাঁচ দিনত মধ্য প্ৰদেশ আৰু ৰাজস্থানৰ কিছু অংশত অত্যন্ত গৰম পৰাৰ সম্ভাৱনা আছে।