গুৱাহাটী,১ এপ্ৰিল:আজিৰ পৰা আৰম্ভ হ'ল নতুন বিত্তীয় বর্ষ । ২০২২ চনৰ ১ এপ্রিলৰ পৰাই নতুন আয়কৰ নীতি প্ৰৱৰ্তন হ’ব। তাত চাকৰিয়ালসকলৰ চাপ বহুখিনি বাঢ়িব। সঞ্চয়ৰ লগতে ইমান দিনে কৰ বচোৱাৰ বৃহৎ পথ আছিল প্রভিডেন্ট ফান্ডত (পিএফ) জমা কৰা টকা। কিন্তু নতুন নীতিত পিএফত জমা কৰা টকাৰ সুদ আহিব আয়কৰৰ অধীনলৈ। শুক্রবাৰৰ পৰা আৰম্ভ হ’বলগা ২০২২-২৩ বিত্তীয় বর্ষত উক্ত কৰ ভৰিব লাগিব চাকৰিয়ালসকলে।
সম্প্রতি পিএফৰ ওপৰত সুদৰ হাৰ কমি ৮.১ শতাংশ হৈছে। ই স্বাভাবিকভাবেই চাকৰিয়ালসকলৰ আয় কমাব। ইয়াৰ উপৰি যিসকলে পিএফৰ বাবদ নির্দিষ্ট পৰিমাণতকৈ বেছি ধন জমা কৰে তেওঁলোকে আয়কৰ দিব লাগিব।
বিগত সাধাৰণ বাজেটত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে যি নীতি ঘোষণা কৰিছে তাত বছৰত আঢ়ৈ লাখ টকাৰ ওপৰত পিএফ সঞ্চয় হ’লে সুদৰ ওপৰত কৰ দিব লাগিব। ইমান দিনে কৰ বচাবৰ বাবে পাঁচ লাখ টকা পর্যন্ত পিএফৰ বাবদ জমা কৰিব পৰা গৈছিল। কিন্তু এইবাৰ সকলো ধৰণৰ প্রভিডেন্ট ফান্ডত (পিএফ) কৰ্মচাৰীসকলৰ জমা টকা বছৰত ২.৫ লাখ পাৰ হ’লেই আৰু কৰ ৰেহাই নাপাব।