আলিয়াৰ বিয়াত ভায়েক হিচাপে উপস্থিত থাকি নিৰাপত্তাৰ দ্বায়িত্ব ল’ব ৰাহুলে

 গুৱাহাটী, ১২ এপ্ৰিলঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ বিবাহৰ বিষয়টো আলোচনাr বিষয় হৈ  আছে। অনুৰাগীসকলে জানিবলৈ চেষ্টা কৰি আছে যে এই দম্পতীহাল কেতিয়া বিবাহ পাশত আৱদ্ধ হ'ব। বিয়াৰ তাৰিখ সম্পৰ্কে এতিয়াও সকলোৰে মনত বিভ্ৰান্তি আছে। 

কেতিয়াবা বিবাহৰ তাৰিখ ১৭ এপ্ৰিল আৰু কেতিয়াবা ১৪ এপ্ৰিল বুলি শুনিবলৈ পোৱা গৈছে। কিন্তু আৰ কে হাউচৰ চাৰিওফালে হোৱা হুলস্থুলীয়া পৰিৱেশ দেখি, সকলোৱে অনুমান কৰিছে যে এই বিবাহ নিশ্চিতভাৱে হ'ব আৰু ভাট্ট পৰিয়ালৰ এজন সদস্যই এই বিষয়ত নিশ্চয়তা প্ৰদান কৰিছে।

আলিয়া ভাট্টৰ ভায়েক ৰাহুল ভাট্টে শেহতীয়া এক সাক্ষাৎকাৰত বিবাহ সম্পৰ্কে বহুতো কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে, "ইউছুফ ভাইয়ে এই বিখ্যাত দম্পতীহালৰ বিবাহত নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে। মুম্বাইৰ শ্ৰেষ্ঠ সুৰক্ষা বাহিনী '৯/১১' সংস্থাটো তেওঁৰ। তেওঁক ৰণবীৰৰ বিবাহৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে। এই সংস্থাটোৰ পৰা প্ৰায় ২০০ জন নিৰাপত্তাৰক্ষীক মাতি অনা হৈছে।" 

ৰাহুল ভাট্টে আৰু কৈছে যে, "অভিনেতা ৰণবীৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা নিৰাপত্তাৰক্ষীসকলৰ বিষয়ত এটা বিশেষ দাবী কৰা হৈছে। য'ত কোৱা হৈছে যে তেওঁলোকৰ ব্যক্তিত্ব ভাল হ'ব লাগিব, যাতে তেওঁলোক নিৰাপত্তাৰ ক্ষেত্রত সক্রিয় হৈ দেখাব পাৰে। লগতে, কূটনৈতিক, ইংৰাজী কোৱা, নম্ৰ আৰু ধূমপান নকৰা হ'ব লাগিব। চেম্বুৰৰ আৰ কে ষ্টুডিঅ' আৰু বাস্তু দুয়োটাতে গাৰ্ড মোতায়েন কৰা হ'ব।"

বৰ্তমান, দুয়োৰে বিবাহৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই যদিও ৰাহুল ভাট্টে প্ৰকাশ কৰিছে যে এই বিয়াখনত ড্ৰোনৰ নিৰাপত্তাৰ দিশটো জড়িত হৈ থাকিব। ৰোভিং পেট্ৰ'ল বিষয়াসকলক প্ৰতিজন অতিথিৰ সৈতে ৰখা হ'ব।

নিৰাপত্তা সম্পৰ্কে যথেষ্ট পৰিকল্পনা কৰা হৈছে। ৰাহুলে শেষত কৈছে যে, "মই নিৰাপত্তাৰ চোৱাচিতা কৰিম আৰু এজন ভাতৃৰ কৰ্তব্য পালন কৰিম। মই গান বজাবলৈ বা নাচিবলৈ বিয়ালৈ নাযাও। মই এজন বডিবিল্ডাৰ, সেয়েহে মোক তাত নিৰাপত্তাৰ সৈতে জড়িত হৈ থকা দেখিব আৰু মোৰ ভগ্নীৰ বিয়াত ভায়েক হোৱাৰ প্ৰতিটো কৰ্তব্য মই পালন কৰিম।"


Post a Comment

Previous Post Next Post