ছোৱালীতকৈ ল'ৰাৰ পৰীক্ষাত ফেইল কৰাৰ সম্ভাৱনা অধিক - ইউনেস্ক’ৰ প্ৰতিবেদনত প্ৰতইফলিত

গুৱাহাটী, ১২ এপ্ৰিলঃ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ (ইউনেস্কো) নতুন 'বিশ্বৰ শৈক্ষিক প্ৰতিবেদন'ত কোৱা হৈছে যে, "১৩০ খন দেশত ল'ৰাবোৰৰ ছোৱালীতকৈ প্ৰাথমিক শ্ৰেণী পুনৰ পঢ়াৰ সম্ভাৱনা অধিক। 

'লিভ নো চাইল্ড বিহাইণ্ড: গ্লোবেল ৰিপ'ৰ্ট অন বয়জ ডিচএনগেজমেণ্ট ফ্ৰম এডুকেশ্বন' শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে, "প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বয়সৰ প্ৰায় ১.৩২ নিযুত ল'ৰা বিদ্যালয়ৰ শিক্ষাৰ পৰা বাহিৰত আছে।"

প্ৰতিবেদন অনুসৰি, ল'ৰাবোৰৰ শাৰীৰিকভাৱে হাৰাশাস্তি হোৱাৰ প্ৰৱণতা ছোৱালীতকৈ অধিক। প্ৰতিবেদনত আৰু কোৱা হৈছে যে, "১৩০ খন দেশত, ল'ৰাবোৰে ছোৱালীতকৈ প্ৰাথমিক শ্ৰেণীত পুনৰ অধ্যয়ন কৰাৰ সম্ভাৱনা অধিক, আৰু এই পৰিসংখ্যাবোৰে বিদ্যালয়ত তেওঁলোকৰ প্ৰগতিৰ দুৰ্বল হাৰৰ ফালে আঙুলিয়াই দিয়ে।"

"৫৭ খন দেশৰ তথ্য অনুসৰি, পঢ়াৰ সামৰ্থ্যৰ ক্ষেত্ৰত ১০ বছৰ বয়সৰ ল'ৰাবোৰ ছোৱালীতকৈ যথেষ্ট পিছ পৰি আছে। কিশোৰ কালৰ ল'ৰাবোৰ শিক্ষাৰ ক্ষেত্রত ছোৱালীতকৈ পিছ পৰি আছে।

ছোৱালীৰ বিদ্যালয়লৈ নোযোৱাৰ সম্ভাৱনা অধিক, কিন্তু বহুতো দেশত, ল'ৰাবোৰেও পৰৱৰ্তী শ্ৰেণীত উপস্থিত নোহোৱা আৰু তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ কৰাৰ আশংকা অধিক। বৰ্তমান ১৩ কোটি ২০ লাখ ল'ৰা বিদ্যালয়লৈ যাবলৈ সক্ষম হোৱা নাই।"

লগতে, কঠোৰ অনুশাসন, শাৰীৰিক হাৰাশাস্তি, লিংগনিয়ম, দৰিদ্ৰতা আৰু ল'ৰাসকলক শিক্ষাৰ পৰা এনেদৰে বিচ্ছিন্ন কৰাৰ কাৰণ হিচাপে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰতিবেদনত উল্লেখ কৰা হৈছে।


Post a Comment

Previous Post Next Post