গুৱাহাটী, ১২ এপ্ৰিলঃঅন্ধপ্ৰদেশৰ শ্ৰীকাকুলমত কৰুণ দুৰ্ঘটনা।এখন ৰে’লে মহতিয়াই নিয়ে কেইবাজনো লোকক৷ফলত পাঁচজনকৈ লোকৰ থিতাতে মৃত্যু হয়।মৃত লোককেইজন গুৱাহাটী অভিমুখী এখন এক্সপ্ৰেছ ৰে’লৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে দিয়া তথ্য মতে, বাটুৱা গাঁৱত কাৰিকৰী সমস্যাৰ বাবে ৰে'লখন ৰৈ যোৱাৰ সময়ত গুৱাহাটী অভিমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কিছুযাত্ৰী ৰে'লপথলৈ নামি আহিছিল।তেতিয়াই বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছে লোক কেইগৰাকীক খুন্দা মাৰে।মৃত লোককেইজনৰ ভিতৰত দুজন যাত্ৰী অসমৰ বুলি চিনাক্ত কৰা হৈছে৷
আনহাতে, এজনক ওড়িশাৰ ব্ৰহ্মপুৰম অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে৷বাকী দুজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ আহতসকলক উন্নত চিকিৎসাৰ বাবে শ্ৰীকাকুলামলৈ প্ৰেৰণ কৰা হৈছে৷অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।