জবাফুলৰ গুণাগুণ

 প্ৰত্যেকৰে ঘৰে ঘৰে দেখা পোৱা আৰু খুব সহজতে গজা এবিধ উদ্ভিদ হৈছে জবাফুলৰ গছ।

তেনেই সাধাৰণ যেন লগা এই জবাফুলৰো কিছুমান অসাধাৰণ ঔষধি গুণ আছে ।

জবাফুল বহু প্ৰকাৰৰ আছে যদিও ৰক্ত জবা বা ৰঙা জবাফুল সৰ্বাধিক উপকাৰী।

১. উচ্চ ৰক্তচাপত জবা ফুল পিছি ৰস উলিয়াই খালি পেটত খালে ১৫ পৰা এমাহলে ব্যৱহাৰ কৰিলে সম্পূৰ্ণ ৰূপে ফলাফল লাভ কৰিব পাৰি।

২. জবাফুলে মাহেকীয়া ঋতুস্ৰাৱৰ বিভিন্ন সমস্যাৰ উপশম কৰাৰ লগতে ঋতুস্ৰাৱৰ সময়ত ৰাতিপুৱা খালি পেটত ৪/৫ পাহ মান ফুল পিছি ৰস উলিয়াই নিয়মিত ভাৱে খালে যথেষ্ট আৰাম অনুভৱ কৰায় ।

৩. চুলিৰ কাৰণে জবাফুলৰ ৰস অতি উত্তম। সদায় গা ধোৱাৰ আগতে জবাফুল বটি মূৰত ঘঁহিলে চুলিৰ অকালপক্কতা গুচে আৰু সৰাও কমে। এই ফুলে উফিৰ সমস্যা দূৰ কৰাৰ লগতে চুলি বঢ়াত সহায় কৰে৷ সপ্তাহত তিনি দিন জবা ফুল চুলিত লগালে চুলিৰ বৃদ্ধি হয়৷

8.জবা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে ।মাজে মাজে জবা ফুলৰ চাহ বনাই খাব লাগে ।

৫.জবা ফুলত এন্টি-ইনফ্লামেটৰি আৰু ভিটামিন চি থাকে যিয়ে শালমইনা দূৰ কৰাত বহুত সহায় কৰে ।

৬.জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে আক্রমণ কৰিব নোৱাৰে।

৭.মানৱ দেহৰ কলেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি এই জবা ফুলে হৃদপিণ্ডক সতেজ ৰাখে।

৮.শীত কালত হাতৰ তলুৱাত ছাল উঠি খৰখৰিয়া হৈ পৰে, তেতিয়া জবা ফুল হাতৰ তলুৱাত মাখিলে খুব উপকাৰ পোৱা যায়। দিনে দুই তিনি বাৰ এটা /দুটা ফুল হাতৰ মাজত মোহাৰি থাকিলেই হ’ল।

৯.‪হঠাৎ কোনো কুখাদ্য খালে ,যেনে অজানিতে মাখি, চুলি অথবা এই ধৰনৰ কোনো বস্তু পেটৰ ভিতৰলৈ গ’ল, ইয়াৰ পৰিণতিত বমি ভাৱ হয়, অথচ বমি হোৱা নাই । এইক্ষেত্ৰত ৪/৫ টা জবা ফুলৰ ফুল অংশটোক পানী আৰু চেনি পৰিমাণ মতে দি গুলি চৰবত বনাই দিনে ২/১ বাৰ খালে বমি হৈ পেটৰ পৰা অসাত্ম্য দ্ৰব্য বোৰ বাহিৰ হৈ যাব।

১০. জবাফুলে মহিলাৰ বগাস্ৰাৱৰ সমস্যাৰ সমাধান কৰে। দৈনিক ২-৩ টা জবাফুলৰ পাত চোবাই খোৱাৰ পিছত এগিলাচ গৰম পানী খালে সোনকালে সুফল পোৱা যায়।

Post a Comment

Previous Post Next Post