গুৱাহাটী, ২৭ এপ্ৰিলঃকাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাক কেন্দ্ৰ কৰি বন্ধ কৰি দিয়া হৈছে বাছ সেৱা।প্ৰধানমন্ত্ৰীৰ সভালৈ জনতাক নিবৰ বাবে ৰাজ্যৰ প্ৰায় ১০ হাজাৰ বাছ অধিগ্রহণ৷প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে কেৱল গুৱাহাটী মহানগৰৰ প্ৰায় ৫০০ চিটিবাছ অধিগ্রহণ কৰা হৈছে৷
বাছ সেৱা বন্ধ কৰি দিয়াৰ পাছতেই হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে যাত্ৰীসকল।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে ১০ হাজাৰ বাছ অধিগ্রহণ কৰাত ৰাজ্যজুৰি যান-বাহনৰ অভাৱৰ বাবে সাধাৰণ জনতাই অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত পাঁচ লাখ লোক বিভিন্ন জিলাৰ পৰা আনি সমবেত কৰিবলৈ লক্ষ্য স্থিৰ কৰি দুয়োখন সভালৈ মানুহ আনিবলৈ প্ৰায় দহ হাজাৰখন বাছ, ট্ৰেভেলাৰ, টাটা চুম', ইন'ভা আদি বাহনৰ ব্যৱস্থা কৰা হৈছে।এই বাহনসমূহৰ ভাড়াৰ বাবদ প্ৰায় ২৫ কোটি টকা পৰিশোধ কৰা হ’ব।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমণক লৈ ডিব্ৰুগড়, কাৰ্বি আংলঙত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে৷ডিব্ৰুগড়ত কাইলৈ সকলো চাহ বাগান বন্ধ থাকিব বুলিও জানিব পৰা গৈছে৷দুয়োখন সভাতে ৫ লাখকৈ লোক সমবেত কৰাৰ লক্ষ্যৰে বিজেপিৰ নেতা-কৰ্মীয়ে জনতাক ঘৰে ঘৰে তামোল-পাণেৰে আমন্ত্ৰণ জনাইছে৷