বোকাখাত, 2 এপ্ৰিল :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ দাঁতি কাষৰীয় অঞ্চলত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি, আৱাস বা খাদ্য প্ৰাচুৰ্যতাৰ ওপৰত ৰাষ্ট্ৰীয় সমীক্ষাৰ বাবে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এক বিশেষ প্ৰশিক্ষণ ৷ আজিৰে পৰা তিনি দিন ধৰি চলিব লগীয়া এই প্ৰশিক্ষণত কাজিৰঙাৰ উপৰিও কাষৰীয় গোলাঘাট বন সংমণ্ডল আৰু কাৰ্বি আংলং জিলাৰ বন সংমণ্ডলক সামৰি মুঠ ৬০ গৰাকী বন কৰ্মী আৰু বিষয়াই অংশগ্ৰহন কৰিছে ৷
ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী সংস্থানৰ প্ৰকল্প সমন্বয়ক দেৱৰঞ্জন লাহা, আশীষ প্ৰসাদ আৰু প্ৰকল্প সহায়ক নানকা লাক্ৰাৰ উপৰিও ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ জীৱবিদ আগাথা চি মোমিনে এই প্ৰশিক্ষনত বনকৰ্মী সকলক প্ৰশিক্ষন প্ৰদান কৰে ৷ প্ৰশিক্ষণৰ মুখ্য সমন্বয়ক হিচাবে আছে কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা ৷ প্ৰশিক্ষণৰ আৰম্ভনীতেই কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰশিক্ষাৰ্থী সকলক আদৰণী জনোৱাৰ লগতে সকলোকে প্ৰশিক্ষণৰ বাবে শুভেচ্ছাও জনায় ৷
বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি, আৱাসস্থলী বা বাঘৰ খাদ্যৰ ওপৰত ভাৰতীয় বন্যপ্ৰাণী সংস্থানে চলোৱা অভিযানৰ অংশ হিচাবে ঢেকীয়াপতীয়া বাঘ সমীক্ষাৰ বাবে ব্যৱহৃত এমষ্ট্ৰিপ নামৰ এটা অতি উন্নত মোবাইল এপৰ ওপৰত প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া এই প্ৰশিক্ষনৰ আজি প্ৰথম দিনা প্ৰেক্ষাগৃহত সচিত্ৰ উপস্থাপনেৰে প্ৰক্ষিক্ষণ প্ৰদানৰ পিচত দ্বিতীয় পৰ্যায়ত কাজিৰঙাৰ ভিতৰত ক্ষেত্ৰ ভিত্তিক ব্যৱহাৰিক প্ৰশিক্ষন প্ৰদান কৰা হয় ৷ বাঘৰ সমীক্ষা নিৰূপণত ব্যৱহাৰ হোৱা উন্নত প্ৰযুক্তিৰ জি পি এছ , কম্পাচ, বাইন'কুলাৰৰ উপৰিও ৰেঞ্জ ফাইণ্ডাৰ নামৰ সঁজুলিৰো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ মতে ৰাষ্ট্ৰীয় জীৱ ঢেকীয়াপতীয়া বাঘৰ সংখ্যা, আৱাস, সমস্যা আদিৰ ওপৰত নিৰীক্ষণ কৰাৰ বাবে দেশ জুৰি চলা এই অভিযানত বনকৰ্মী সকলক বাঘ সংৰক্ষনত আধুনিক প্ৰযুক্তি ব্যৱহাৰ আৰু বিজ্ঞান ভিত্তিক তথ্য সংগ্ৰহত সক্ষম কৰি তোলা হ'ব ৷ এই প্ৰশিক্ষণৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বনকৰ্মী সকলৰ স্মাৰ্ট প্ৰেট্ৰলিং আৰম্ভ হ'ব ৷
উল্লেখ্য যে ঢেকীয়াপতীয়া বাঘৰ জনসংখ্যা বিতৰণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই হ'ল উত্তৰ পুৰ্বাঞ্চলৰ অন্যতম উৎস ৷ সম্প্ৰতি কাজিৰঙাত ১২১ টা ঢেকীয়াপতীয়া বাঘ থকাৰ প্ৰমানিক তথ্য আছে ৷ শেষতীয়াকৈ কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ দৰ্শন দেশী বিদেশী পৰ্যটকৰ বাবে আকৰ্ষনৰ কেন্দ্ৰ হৈ পৰিছে ৷