ৰিয়ালে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা লৈ আবেদন অতি সোনকালে উভতাই পাবলৈ ।
ৰাজ্যত যুৱক-যুৱতীৰ আলফা স্বাধীনত যোগদান কৰা বাতৰিয়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকাৰ মাজতে পুনৰ তিনিচুকীয়া জিলাৰ ১ নং বালুপাৰা গাঁৱৰ নিবাসী শ্ৰীমতী ভাগ্যৱতী গোহাঁই বৰ পুত্ৰ ঋতু গোহাঁই বয়স(২৭ বছৰ) আলফা স্বাধীনলৈ গমন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে ।
পৰিয়ালৰ ভাষ্য অনুসৰি যোৱা ইংৰাজী ৫ এপ্ৰিল সন্ধিয়া ৯.৩০ বজাৰ পৰা যুৱক জনে ওলাই যোৱাৰ পাছত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তিনিচুকীয়া আৰক্ষী চকীত খবৰ দিয়ে।
যুৱক জনৰ মাতৃৰ লগতে পত্নী তথা ৬ বছৰীয়া এগৰাকী কন্যা আৰু ভাতৃ পৰিয়ালবৰ্গই কান্দোনত ভাগি পৰাৰ লগতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱক জনক উভতাই পঠাবলৈ সংবাদমাধ্যমৰ আগত কাতৰ অনুৰোধ জনায়।
লগতে জনায় যুৱব জনৰ এটা ডাঙৰ বেমাৰ থকা কথা অৱগত কৰে পত্নীয়ে ।
News desk