মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যপালক স্মাৰক গ্ৰামীণ শ্ৰমিক সন্থাৰ

 



জয়ন্ত মুদৈ, বেবেজীয়াঃ সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে শনিবাৰে অসমৰ ৰাজ্যপাললৈ এখন ন-দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি ইচব আলী আৰু সম্পাদক স্বপন হাজৰিকাই স্মাৰক পত্ৰখনিত ঔষধ, বিদ্যুৎ মাচুল আৰু ইন্ধনকে ধৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, কৃষি শ্ৰমিকৰ নূন্যতম মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা প্রতিটো পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা, ৰেচনত ডাইল, মিঠাতেল, চেনি, কণী আৰু গাখীৰৰ যোগান ধৰা, উচ্ছেদিত পৰিয়ালকসমূহক সংস্থাপনৰ ব্যৱস্থা কৰা, গৰাখহনীয়া, গোষ্ঠী সংঘৰ্ষত ভূমিহীন হোৱা আৰু চৰকাৰী সংজ্ঞা অনুসৰি ভূমিহীন পৰিয়াল সমূহক ভূমি আৰু পট্টা প্ৰদান কৰা, প্রধান মন্ত্রী আৱাস যোজনাৰ হিতাধিকাৰীৰ তালিকা প্রতিটো পঞ্চায়ত কাৰ্য্যালয়ত ৰাজহুৱাকৈ প্ৰদৰ্শন কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্রতিটো পৰিয়ালৰ ১৫০ ইউনিট বিদ্যুত মাচুল ৰেহাই দিয়া আৰু উজ্বলা গেছ চিলিণ্ডাৰৰ মুল্য আধা কৰা, মাইক্র’ফাইনেন্সৰ ঋণ মুক্তিৰ প্র-পত্র শীঘ্ৰে প্রদান কৰা আৰু ঋণ মুক্ত কোনো মহিলাৰ একাউণ্ট এনপিএ নহয় তাক নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে সন্থাটোয়ে৷ এই দাবীসমূহ অতি শীঘ্ৰে ৰূপায়ন নকৰিলে সন্থাই গ্ৰামাঞ্চলত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি বিবৃতিত জৰিয়তে জানিবলৈ দিছে৷ এই স্মাৰক পত্ৰ প্ৰদান কৰা সজাঁতি দলটোত সভাপতি, সম্পাদকৰ লগতে নেতা মাধব চন্দ্ৰ বৰা আৰু কেন্দ্ৰীয় নেত্রী আয়েফা বেগমে অংশগ্ৰহণ কৰে৷

Post a Comment

Previous Post Next Post