ঠিক এই সময়তে আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ দৃষ্টি এতিয়া ছেৰ্গেই লাভৰভৰ ভাৰত ভ্ৰমণৰ ওপৰত স্থিৰ হৈ আছে। একে সময়তে, আমেৰিকাই ভাৰত-ৰাছিয়াৰ বন্ধুত্বপূর্ণ সম্পর্কৰ ওপৰত এক নতুন বিবৃতি দি কৈছে যে, "আমি দুয়ো দেশৰ বন্ধুত্বপূর্ণ সম্পর্ক ভাঙিব নিবিচাৰোঁ।
কিন্তু ইয়াৰ আগতে, আমেৰিকাই কৈছে যে, মস্কোৱে ভাৰতক সহায় কৰিব নালাগে আৰু নিয়ম উলংঘা নকৰিব, কিয়নো চীন আৰু ৰাছিয়া এতিয়া একেলগ হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইচে কৈছে যে, "মস্কোৰ সৈতে প্ৰতিখন দেশৰ নিজা সম্পৰ্ক আছে আৰু ৱাশ্বিংটনে ইয়াত কোনো পৰিৱৰ্তন নিবিচাৰে। ৰাছিয়ান ফেডাৰেচনৰ বিভিন্ন দেশৰ সৈতে নিজা ভিন্ন সম্পৰ্ক আছে। এইটো এটা ঐতিহাসিক সত্য আৰু এই বিষয়ে গোটেই বিশ্ববাসী জ্ঞাত। আমি ইয়াক সলনি কৰিব নিবিচাৰোঁ।"
নেড প্ৰাইচে আৰু কৈছে যে, "ভাৰত হওক বা বিশ্বৰ আন অংশীদাৰ হওক, আমি আমাৰ অংশীদাৰসকলৰ ক্ষেত্ৰত যি কৰিব পাৰোঁ সেয়া কৰি আছো। আজি আন্তৰ্জাতিক সম্প্ৰদায়ে এক স্বৰত মন্তব্য দি আহিছে। বিশ্বই ৰাছিয়াৰ যুক্তিবিহীন, অপ্ৰৰোচিত পূৰ্বপৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে সজোৰে মাত মাতি আহিছে। ভাৰতকে ধৰি সকলো দেশে হিংসাৰ সমাপ্তিৰ বাবে প্ৰচেষ্টা কৰি আছে।"
ইয়াৰ পূৰ্বে, আমেৰিকাই ভাৰতৰ বিষয়ে এটা ডাঙৰ বিবৃতি দি কৈছে যে, "মস্কোৱে ভাৰতক সহায় নকৰিব, যদিহে ই এল এ চি উলংঘা কৰে, কাৰণ চীন আৰু ৰাছিয়া এতিয়া একেলগ হৈ আছে।" আমেৰিকাৰ উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (উপ এনএছএ) দলিপ সিঙে ৰাছিয়াৰ বিষয়াগৰাকী ভাৰত ভ্ৰমণলৈ অহা সন্দৰ্ভত কয় যে, "চীনে আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিয়ম উলংঘা কৰিলে, ৰাছিয়াই ভাৰতৰ সহায়লৈ আহিব বুলি কেতিয়াও বিশ্বাস নকৰিব।"
দলীপে আৰু কয় যে, "ৰাছিয়াৰ পৰা ভাৰতৰ শক্তি ক্ৰয়ে বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞা উলংঘা নকৰে, কিন্তু আমি বিচাৰোঁ যে ভাৰত ৰাছিয়াৰ ওপৰত নিৰ্ভৰশীল হোৱা হ্ৰাস কৰক।" লগতে, সুলভ মূল্যত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ ভাৰতৰ সিদ্ধান্তৰ ওপৰত দলীপে কয় যে, "আমেৰিকা ভাৰতৰ শক্তি আৰু প্ৰতিৰক্ষা সঁজুলিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সাজু।"