গুৱাহাটী,১৮ এপ্ৰিল:দিল্লীত হনুমান জয়ন্তীত হিংসা বিয়পোৱাৰ অন্যতম মুখ্য অভিযুক্ত আনছাৰক দেওবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আৰক্ষীয়ে ৰোহিণী জিলা আদালতত হাজিৰ কৰিছিল। অৱশ্যে, আনছাৰে আদালতলৈ নিয়াৰ আগতে 'পুষ্পা ষ্টাইল'ত হাঁহি এটা মাৰি কেমেৰামেনসকলৰ আগত ফটোৰ বাবে পোজ দিছিল। ভিডিঅ'টো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে।
শেহতীয়াকৈ, দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।ঘটনাটোত আনছাৰৰ নাম জড়িত আছিল। হিংসাৰ ষড়যন্ত্ৰত তেওঁৰ নাম মূল অভিযুক্ত হিচাপে ওলাই আহিছে। তেওঁ আন অভিযুক্তসকলৰ সৈতে দেওবাৰে দিল্লীৰ ৰোহিণী জিলা আদালতত হাজিৰ হ'ব লগা হৈছিল। য'ত আনছাৰে হাঁহি এটা মাৰি 'পুষ্পা ষ্টাইল'ত আদালতত প্ৰৱেশ কৰিছিল।
দিল্লীৰ এখন জিলা আদালতে আনছাৰক শনিবাৰৰ হিংসাৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। আনছাৰৰ সৈতে একেটা গোচৰতে মহম্মদ আছলামক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয়। অতীততো আনছাৰৰ কাৰাবাসৰ উদাহৰণ আছে। তেওঁৰ ওপৰত আনকি আগতে দুটা আক্ৰমণৰ অভিযোগ তৰা হৈছিল। আনছাৰকো জুৱা আৰু অস্ত্ৰ আইনৰ অধীনত পাঁচবাৰ অভিযুক্ত কৰা হৈছে। আনছাৰক আৰক্ষীয়ে কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছে।