গুৱাহাটী, ৮ এপ্ৰিলঃ এগৰাকী মহিলা, যাৰ পিঠিত ১৫ বছৰ ধৰি এটা গুলী আৱদ্ধ হৈ আছিল। এতিয়া তেওঁ এই বুলেটৰ পৰা মুক্তি পাইছে। চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ পিছত গুলীটো আঁতৰাই দিছে। এৰিকা মাইলছ নামৰ মহিলা নাৰ্চৰ সহায়ক গৰাকীৰ সৈতে এই ঘটনা ঘটিছে।
এই ঘটনাটো তেতিয়া সংঘটিত হয়, যেতিয়া তেওঁ শিক্ষাৰ্থী হৈ আছিল। এৰিকাই দুৰ্ঘটনাক্ৰমে গুলীচালনা ঘটনাৰ মাজত সোমাই পৰে আৰু গুলী এটা আহি পোনপটীয়াকৈ তেওঁৰ পিঠিত সোমাই পৰে।
এৰিকা মাইলছে এক বিশেষ সাক্ষাৎকাৰত তেওঁৰ সৈতে সংঘটিত হোৱা এই ঘটনাটোৰ বিষয়ে কৈছে। সেই মুহূৰ্তটোৰ কথা মনত পেলাই এৰিকাই কৈছে, "২০০৫ চনৰ কথা, মই তেতিয়া হাই স্কুলত পঢ়ি আছিলোঁ, মই ফুটবল খেল খেলি আহি ঘৰলৈ আহিবৰ বাবে অপেক্ষা কৰি আছিলোঁ।
তেতিয়া দুয়ো অচিনাকি গোট লগ হৈ মুখামুখি সংঘর্ষত লিপ্ত হয় আৰু গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। মোৰ দৰে কিছুমান নিৰীহ লোক এই গুলীচালনাৰ ঘটনাত আঘাতপ্রাপ্ত হয়।
এৰিকাই আৰু কৈছে, "মোৰ পিঠিত এটা বুলেট সোমাই পৰে, তেতিয়া মোৰ এনে লাগিছিল যেন কিবা এটা জ্বলি থকা বস্তু মোৰ শৰীৰৰ ভিতৰত সোমাই আছে। তেতিয়া মোক চিকিৎসকে পৰীক্ষা কৰি কয় যে গুলীটো মোৰ মেৰুদণ্ডৰ খুব ওচৰত আছে আৰু ইয়াক আঁতৰ কৰিব পৰা নাযাব। অৱশ্যে, ২০২০ চনত, চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰি মোৰ শৰীৰৰ পৰা গুলীটো আঁতৰাই পেলায়।"
আমেৰিকাত এনেধৰণৰ গুলীচালনাৰ ঘটনা সচৰাচৰ হৈ থাকে। প্ৰতিবেদন অনুসৰি, প্ৰতি বছৰে প্ৰায় ৫ লাখ এনে লোকৰ অস্ত্ৰোপচাৰ কৰা হয়, যাৰ শৰীৰত যিকোনো ধৰণৰ বস্তু সোমাই থাকে।
আনহাতে, এৰিকাৰ অস্ত্ৰোপচাৰ কৰা চিকিৎসক ডাঃ জৰ্জ ক্ৰফৰ্ডে এই বিষয় সন্দৰ্ভত কয় যে, "গুলীচালনাত আহত সকলৰ মৃতদেহৰ পৰা তাৎক্ষণিকভাৱে গুলী আঁতৰোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া নহয়। এইটোও এটা প্ৰত্যাহ্বানৰ বিষয়, কিয়নো ৰোগীজনৰ ক্ষতি নকৰাকৈ গুলী আঁতৰ কৰাটো অতি কঠিন। কেতিয়াবা আমি বুলেটটো আঁতৰ নকৰোঁ, কিয়নো ই শৰীৰৰ কঠিন অংশত সোমাই থাকে।
আমি বুলেট এটা কেৱল তেতিয়াহে উলিয়াওঁ যেতিয়া ই শিৰা বা গাঁঠিত আৱদ্ধ হৈ থাকে, কিয়নো ইয়াক এনেদৰে আঁতৰ কৰিলে এক ডাঙৰ সমস্যা হ'ব পাৰে।"
চিকিৎসকজনে আৰু কৈছে যে, "মোৰ সমগ্ৰ কেৰিয়াৰত মই নিশ্চয় ৫০০ ৰো অধিক বন্দুকৰ গুলীৰ ঘটনা দেখিছোঁ, যাৰ ভিতৰত আটাইতকৈ আচৰিত আছিল যেতিয়া এজন মানুহৰ গুলী মগজুৰ মাজভাগত প্ৰৱেশ কৰিছিল আৰু এটা ফুটাৰ পৰা তেজ ওলাই আছিল।"
ডঃ জৰ্জে শেষত কৈছে যে, "এৰিকাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। ১৫ বছৰ আগতে তেওঁৰ শৰীৰত গুলী লাগিছে, যি তেওঁৰ শৰীৰৰ ভিতৰত সোমাই পৰে। কিন্তু তেওঁ এই বিষয়ে পাহৰি পেলাইছে। তাৰ পিছত হঠাতে এদিন তেওঁ পিঠিত কিবা বিষৰ দৰে অনুভৱ কৰিলে।