গুৱাহাটী মহানগৰীত ২৪ ঘন্টাৰ ভিতৰত দ্বিতীয়টো হত্যাকাণ্ডৰ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। বৰাগাঁৱৰ হত্যাকাণ্ডৰ পিছতে সোমবাৰে পুৱা বামুনীমৈদামৰ বি জি কলণীত আন এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
বিজি কলণীৰ সমীপত কাজল চন্দ্র দাস নামৰ ৰে'লৱে বিভাগত কৰ্মৰত এজন লোকক কোনো দুস্কৃতিকাৰীয়ে ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰি পেলাই থৈ যায়।
উল্লেখ্য যে, কাজল চন্দ্র দাস নামৰ লোকজন দেওবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে। বৰ্তমান এই সমগ্র হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।