শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে শুকুৰবাৰে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে শুকুৰবাৰে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। দশকৰ ভিতৰতে দেশখন অৰ্থনৈতিক সংকটত পৰিছে। ফলত মূল্যবৃদ্ধিয়ে আকাশ চুইছে। খাদ্য সংকটত পৰিছে সৰ্বসাধাৰণ। গতিকে চৰকাৰৰ বিৰুদ্ধে দেশখনত তীব্ৰতৰ হৈছে প্ৰতিবাদ। প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। আৰু সৰ্বসাধাৰণৰ এনে প্ৰতিবাদক প্ৰতিহত কৰিবলৈয়ে দ্বীপৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে সামৰিক বাহিনীক সন্দেহজনক লোকসকলক বিচাৰ নোহোৱাকৈ দীঘলীয়া সময়ৰ বাবে গ্ৰেপ্তাৰ আৰু আটক কৰাৰ অনুমতি দিয়াৰ এক কঠোৰ আইনৰ আহ্বান জনাইছিল। ৰাজপাক্ষেই এনে অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগত দেশখনৰ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাৰ এদিন পিছতে সুৰক্ষা বাহিনীক ব্যাপক ক্ষমতা প্ৰদান কৰি জৰুৰী অৱস্থাৰ ঘোষণা কৰা হয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে জনাইছে যে, "ৰাজহুৱা শৃংখলাৰ সুৰক্ষা আৰু সমাজৰ জীৱনৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা ৰক্ষণাবেক্ষণৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।"
ধাৰত পুত গৈ থকা দেশখন এতিয়া ইন্ধনকে ধৰি অত্যাৱশ্যকীয় আমদানিৰ মূল্য পৰিশোধ কৰিবলৈ অক্ষম হৈছে। দৈনিক ১৩ ঘণ্টাতকৈও অধিক সময়ৰ বাবে কৰা হৈছে বিদ্যুত কৰ্তন।
সেইসময়তে তিনিদিনীয়া দিল্লী ভ্ৰমণৰত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু শ্ৰীলংকাৰ তামিলসকলক মানৱীয় সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰক অনুমতি দিবলৈ কেন্দ্ৰক আহ্বান জনায়। তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰকীয়ে কয় যে, দ্বীপৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ বহুতে শ্ৰীলংকাৰ পৰা পলায়ন কৰি সাগৰীয় পথৰ মাজেৰে তামিলনাডুলৈ আহিছে।